গুৱাহাটী

২৩ ছেপ্টেম্বৰ

আমবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। চৰকাৰ বৰোধী শ্ল’গানেৰে আমবাৰীৰ আকাশ-বতাহ কঁপাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাহ কৰিলে মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ পুত্তলিকা। ২০২১ ত এইখন চৰকাৰক উঘালী দিয়াৰ হুংকাৰ।

দিনক দিনে বিভিন্ন খাদ্য সমগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সমগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই আহিছে যদিও ইয়াক লৈ চিন্তিত নহয় ৰাজ্য চৰকাৰ। পৰিবৰ্তনৰ শ্ল’গানেৰে ২০১৬ ত শাসনলৈ অহা বিজেপি চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনৰ দৰেই সম্পূৰ্ণ ব্যৰ্থ। ‘সকলোৰে আনন্দ, সৰ্বানন্দ’ শ্ল’গানেৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যোগান মন্ত্ৰী গৰাকীয়ে মূল্যবৃদ্ধিৰে ৰাইজক পনবন্ধী কৰি ঘোৰ নিদ্ৰাত মগ্ন হৈ থকা কাৰ্যৰ বিৰুদ্ধে অৱশেষত ৰাজপথলৈ নামিবলৈ বাধ্য হ’ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। খাদ্য সমগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে মহানগৰীৰ গুৱাহাটীৰ আমবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক সদস্যই বিজেপি চৰকাৰৰ কাম নাই, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, মুখ্যমন্ত্ৰী হয় হয়, যোগান মন্ত্ৰী মূর্দাবাদ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে আমবাৰীৰ আকাশ-বতাহ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী বিজেপি চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি ৰাজপথৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ পুত্তলিকাও দাহ কৰে।

মূল্যবৃদ্ধিক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ চলি থকা সময়ত বহু সময় ধৰি আমবাৰীত তীব্ৰ যানজঁটৰ সৃষ্টি হোৱাও পৰিলক্ষিত হয়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি নিয়াত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে যদিও প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ এইখন চৰকাকৰক ২০২১ত উঘালী দিয়াৰ হুংকাৰ দিয়ে।