লখিমপুৰ
২৩ ছেপ্টেম্বৰ

লখিমপুৰত বাইকসহ আটক এজন চোৰ। ৰাইজে চুৰিৰ বাইকসহ চোৰটোক আটক কৰি গতাই দিয়ে আৰক্ষীক।

লখিমপুৰ জিলাৰ লীলাবাৰীৰ ন’পাম গাঁৱত ৰাইজে বাইকসহ মাণিক বৰা নামৰ এজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়। জানিবলৈ পোৱা মতে লখিমপুৰত দীৰ্ঘদিন ধৰি মাণিক বৰা নামৰ বাইক চোৰজন সন্ত্ৰাস চলাই আছিল। বিগত কিছুদিন ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত সঘনাই বাইক চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে। ৰাইজ জিলাখনত সঘনাই সংঘটিত হৈ থকা বাইক চুৰিৰ ঘটনাৰ লগত মাণিক বৰা নামৰ চোৰজন জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে। অৱশেষত ৰাইজে মাণিক বৰা নামৰ বাইক চোৰটোক আটক কৰি লপাথপা দি লীলাবাৰী আৰক্ষীক গতাই দিয়ে।

মাণিক বৰা নামৰ বাইক চোৰটোৰ লগতে বহুকেজন চোৰ জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আটকাধীন বাইক চোৰক আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। জেৰাৰ অন্তত আৰু বহু কেইটা চোৰক আৰক্ষীয়ে আটক কৰাৰ সম্ভাবনা আছে বুলিও জানিব পৰা গৈছে।