ইণ্টাৰনেশ্যনেল ডেস্ক, সংবাদ ৩৬৫, ৫ জানুৱাৰী : ইৰাণে কৌমস্থিত মছজিদত উৰুৱালে ৰঙা পতাকা । ছিয়া সম্প্ৰদায়ত ৰঙা পতাকাৰ অৰ্থ হৈছে প্ৰতিশোধ বা যুদ্ধ ঘোষণা। ইতিহাসত প্ৰথমবাৰৰ বাবে উৰিছে ৰঙা পতাকা।
শনিবাৰে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইয়ে ছুলেমানীৰ পৰিয়ালক সাক্ষাৎ কৰিছিল। তেওঁ ছুলেমানীৰ পৰিয়ালক আশ্বাস দিছিল যে শীঘ্ৰে ছুলেমানীৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ’ব।
কামেন ছুলেমানী হৈছে ইৰাণী সেনাৰ শীৰ্ষ কমাণ্ডাৰ। আমেৰিকান সেনাই ইৰাণী সেনাৰ শীৰ্ষ কমাণ্ডাৰ ছুলেমানীক বিমান আক্ৰমণেৰে হত্যা কৰিছিল।
শনিবাৰে নিশা ইৰাকৰ ৰাজধানী বাগদাদস্থিত আমেৰিকান দূতাবাসলৈ লক্ষ্য কৰি তিনিটাকৈ ৰকেটেৰে আক্ৰমণ কৰা হয়। এই আক্ৰমণ ইৰাণে সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।
ইফালে এই আক্ৰমণৰ পিছতে বন্ধ কৰি দিয়া হৈছে আমেৰিকান দূতাবাসৰ সমীপৰ পথসমূহ।