বৰপেটা, সংবাদ ৩৬৫, ৫ জানুৱাৰী : মেধিৰটাৰী আঞ্চলিক মাঘ বিহু উদযাপন সমিতিৰ উদ্যোগত ৪৩ সংখ্যক বাৰ্ষিক মাঘ বিহু পুষুৰা মেলাৰ লাই খুঁটা স্থাপন কৰা হয়। স্থাপন কৰে অৱসৰপ্ৰাপ্ত পৰিদৰ্শক ভূপেন্দ্ৰ নাথ তালুকদাৰে।

নৱবৰ্ষৰ ১৩ ৰ পৰা ১৯ জানুৱাৰীলৈ উদযাপন মেলাখন। মেলাত আধুনিক নৃত্য, ভূপেন্দ্ৰ সঙ্গীত, ৰাভা সঙ্গীত, কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত প্ৰতিযোগিতা, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

”ৰাজ্যত অসমীয়া ভাষাৰ সংকট, ইতিহাস আৰু বৰ্তমান ধৰ্মীয় সংখ্যালঘু সকলৰ ভূমিকা” আৰু ”জন্ম নিয়ন্ত্ৰণত আধুনিক চিকিৎসা ব্যবস্থা আৰু চিকিৎসা বিজ্ঞানৰ শেহতীয়া আবিষ্কাৰ” শীৰ্ষক এখন আলোচনা চক্ৰও অনুষ্ঠিত কৰা হ’ব মেলাখনত।

উদযাপন সমিতিৰ উপদেষ্টা লুৎফুৰ ৰহমান আৰু সভাপতি মোতলেব আলীয়ে জনোৱা অনুসৰি মেলা খনত ষাঁড় লড়াই লাঠ বাৰ খেল আদি অনুষ্ঠিত কৰা হ’ব ।