চামগুৰি
৯ ছেপ্টেম্বৰ
ক্ষমতাই মূৰ কামোৰিছে একাংশ বিজেপি নেতাৰ। উচটনিমূলক মন্তব্য দি বিজেপি কৰ্মীক গুণ্ডাগিৰি কৰিবলৈ নিৰ্দেশ দিয়া বিজেপি নেতাকলৈ চামগুৰিত ব্যাপক প্ৰতিক্ৰিয়া।
ক্ষমতায়ে মূৰত ধৰা বিজেপি দলৰ এগৰাকী নেতাৰ উদ্ভট আচৰণক কেন্দ্ৰ কৰি চামগুৰিত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। হাতচাপৰি বজাই সন্তুষ্টি লাভ কৰি অহা একাংশ সমৰ্থকৰ মাজত নিজকে বিজেপি দলৰ বিয়াগোম নেতা ৰূপে জাহিৰ কৰিবলৈ গৈ এগৰাকী নেতাই সমগ্ৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটোকেই নস্যাৎ কৰাৰ ধৃতষ্টা প্ৰদৰ্শন কৰা কাৰ্যই নেতাগৰাকীৰ জ্ঞানৰ পৰিসীমাকো দাঙি ধৰিলে। চামগুৰিৰ কুশুমতলি, কনুৱামাৰি আদি পঞ্চায়তত কেৱল বিজেপি কৰ্মীক কাম দিব লাগে, ৱাৰ্ডৰ সভাত দলীয় বেনাৰ লগাই আঁচনিৰ ফৰ্ম গ্ৰহন কৰিব লাগে আদি উদ্ভট যুক্তি দি সমৰ্থকৰ মাজত একপ্ৰকাৰ হি’ৰ হ’বলৈ চেষ্টা কৰা বিজেপিৰ এই গৰাকী নেতা হৈছে বাজিয়া মণ্ডলৰ নৱ নিৰ্বাচিত সভাপতি প্ৰাণজিৎ বৰা। পঞ্চায়ত সচিবে কংগ্ৰেছ কৰ্মীক কাম দিলে বদলি কৰি দিয়াৰ ভয় দেখুৱাই উদ্ভট আচৰণ প্ৰদৰ্শন কৰা তথা চৰকাৰী কৰ্মচাৰীক আমাৰ চৰকাৰে দৰমহা দিছে গতিকে সকলো চৰকাৰী কৰ্মচাৰী আমাৰ মতে চলিব লাগিব বুলি হুমকি দিয়া আদি নেতা গৰাকীৰ কেইবাটাও ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁও জিলাৰ চামগুৰিবাসী ৰাইজৰ মাজত।
ইফালে বিজেপি নেতা গৰাকীয়ে এনে আচৰণক কেন্দ্ৰ কৰি বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে বিভিন্ন জনে নেতা গৰাকীক গৰিহণা দিছে। কংগ্ৰেছ দলৰ ফালৰ পৰাও নেতা গৰাকীৰ এনে আচৰণ সন্দৰ্ভত প্ৰকাশ কৰা হৈছে প্ৰতিক্ৰিয়া। বিতৰ্কিত বিজেপি নেতা জনৰ বিৰুদ্ধে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিলৰো দিহা কৰা হৈছে বুলিও সদৰি কৰিছে কংগ্ৰেছ দলে।