আব্দুল বাশিদ সৰকাৰহা

টশিঙিমাৰী

৯ ছেপ্টেম্বৰ

উৎকোচ লৈ ৰাইজৰ ৰোষত পৰিল মানকাচৰৰ লাট মণ্ডল ছামছুদ্দিন শেখ। মৃত মহিলাৰ ভূমি অন্য এজন লোকৰ নামত নামজাৰি কৰি দিয়াক কেন্দ্ৰ কৰি মানকাচৰত উত্তপ্ত পৰিস্থিতি।

বৰ্তমান ৰাজ্যৰ প্ৰায়বোৰ বিভাগতে ব্যাপক দুৰ্নীতি সংঘটিত হোৱা পৰিলক্ষিত হৈছে। দুৰ্নীতিৰ ক্ষেত্ৰত পিছে পিছ পৰি ৰোৱা নাই মানকাচৰ ৰাজহ চক্ৰ কাৰ্যালয়। এইবাৰ উৎকোচ লৈ ৰাইজৰ ৰোষত পৰিল মানকাচৰ ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত লাট মণ্ডল ছামছুদ্দিন শেখ। প্ৰাপ্ত অভিযোগ মতে হাটশিঙিমাৰীৰ পুৰান সুখচৰ গাঁৱৰ বাসিন্দা প্ৰয়াত ৰেজিয়া খাতুনৰ ১৫৮৭/৭০৪/১৪২৮ নং দাগৰ ১ বিঘা ১৫ লোচা মাটি লাট মণ্ডল ছামছুদ্দিন শেখে উক্ত গাৱঁৰ সহিদুৰ ৰহমান নামৰ এজন লোকৰ নামত বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত গোপনভাৱে নামজাৰি কৰি দিয়ে। মৃত ৰেজিয়া খাতুনৰ কন্যা মিনাৰা খাতুন আৰু ৰেজিয়া খাতুনৰ চাৰি গৰাকী পুত্ৰ-কন্যাই বিশেষ সূত্ৰে উক্ত খবৰটো লাভ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ ওচৰত এখন অভিযোগ দাখিল কৰে। ইফালে অভিযোগৰ ভিত্তিত সম্প্ৰতি ইয়াৰ তদন্ত অব্যাহত আছে যদিও লাট মণ্ডল ছামছুদ্দিন শেখে মাটিখিনি পুনৰাই মৃত ৰেজিয়া খাতুনৰ নামত ঘূৰাই দিবলৈ ৰেজিয়া খাতুনৰ কন্যা মিনাৰা খাতুনৰ পৰা ১০ হেজাৰ টকা উৎকোচ লোৱাৰ গুৰিত্বৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে লাট মণ্ডল ছামছুদ্দিন শেখৰ মইমতালিত অসন্তুষ্টি হৈ মৃত ৰেজিয়া খাতুনৰ কন্যাসহ ৰেজিয়া খাতুনৰ পৰিয়ালৰ লোকে মানকাচৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত লাট মণ্ডল ছামছুদ্দিন শেখক ঘেৰাও কৰি উৎকোচ লোৱা ধন উভতাই বিচাৰে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। লক্ষ্যণীয় যে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত এজনৰ মাটি আন এজনৰ নামত নামজাৰি কৰি দিয়া কিমানদুৰ যুক্তিসংগত। ইয়াৰ সঠিক তদন্ত বিচাৰি চৰকাৰক দাবী জনাইছে ভুক্তভোগীয়ে।

মন কৰিবলগীয়া যে দীৰ্ঘদিন ধৰি লাট মণ্ডল ছামছুদ্দিন শেখে দুৰ্নীতিত লিপ্ত হৈ থকাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে প্ৰায় দুমাহ পূৰ্বে লাট মণ্ডল ছামছুদ্দিন শেখক নিলম্বন কৰাও হৈছিল বুলি জনা গৈছে। শেহতীয়াকৈ ঘটনাটো কোন দিশে গতি কৰে এয়া পৰৱৰ্ত্তী সময়তহে হ’ব লক্ষ্যণীয়।