জাগীৰোড, ১৮ ডিচেম্বৰঃ সোমবাৰে পুৱা প্ৰায় ১০ বজাত গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী জাগীৰোডৰ কাহিকুছিত এক তীব্ৰ বেগী গাড়ীৰ খুন্দাত এজন স্থানীয় যুৱক থিতাতে নিহত হয়। পুৱা প্ৰায় ১০ মান বজাত গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখে গৈ থকা এখন এল্ট গাড়ীৰ খুন্দাত থিতাতে নিহত হয় কাহিকুছিৰ স্থানীয় যুৱক আমিৰ হুছেইন। দুর্ঘটনা সংঘটিত হোৱাৰ পিছত একাংশ উত্তেজিত ৰাইজে গাড়ীখন লণ্ড ভণ্ড কৰি গাড়ীখনত অগ্নি সংযোগ কৰে। উল্লেখ্য যে দুর্ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতে ক্ষেত্ৰী আৰক্ষী আহি দুর্ঘটনাস্থলীত উপস্থিত হয় যদিও উত্তেজিত ৰাইজে আৰক্ষীৰ সন্মুখতে গাড়ীখন লণ্ড ভণ্ড কৰি অগ্নি সংযোগ কৰে। আৰক্ষীৰ সন্মুখতে এইদৰে গাড়ী এখন লণ্ড ভণ্ড কৰি অগ্নি সংযোগ কৰাৰ ঘটনা অসম আৰক্ষীৰ বাবে লাজাজনক বুলি অভিহিত কৰিছে একাংশই আৰু এয়া চৰম বিফলতা এক প্ৰমাণ বুলি মত পোষণ কৰে স্থানীয় কিছুমান লোকে।