বঙাইগাঁৱৰ পৰা কিশোৰ কুমাৰ দাস, ১৯ ডিচেম্বৰঃ শৈল ভাস্ক্যৰ্যৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰা বিঙাইগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ যোগীঘোপা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। যোগীঘোপাৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পাৰত আছে এক মনমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ দুগ্ধনাথ পাহাৰ। বিখ্যাত অজন্তা ইলোৰাৰ সাদৃশ্য অপূৰ্ব শৈল ভাস্কৰ্যৰ কেইবাটাও গুহাৰে পৰিবেষ্টিত এই দুগ্ধনাথ পাহাৰ। ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুৰ পৰা প্ৰায় ১ কিলোমিটাৰ পূব ফালে থকা এই গুহাকেইটাই ব্ৰহ্মপুত্ৰৰ বালিচৰৰ কাষত এক দৃষ্টিনন্দন দৃশ্যৰ সৃষ্টি কৰে আৰু এই দৃশ্যৰ প্ৰতি আকৰ্ষিত হৈ প্ৰতিবছৰে ইয়ালৈ আগমন ঘটে কেইবা হাজাৰ দৰ্শনাৰ্থী তথা বনভোজ দলৰ। পুৰণি আখ্যান মতে প্ৰায় ৬৫৫ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দৰ ভিতৰৰ সময়ছোৱাত যোগীঘোপাত ব্ৰহ্মপুত্ৰ নৈৰ কাষত থকা এই প্ৰকাণ্ড শিলবোৰত খোদিত হৈছিল পাঁচটাকৈ গুহা। উল্লেখ্য যে এই গুহাসমূহত প্ৰাচীন কালত ঋষি মুনি সকলে তপস্যা কৰাৰ বাবেই এই অঞ্চলটোৰ নাম যোগীঘোপা হৈছে বুলি স্থানীয় ৰাইজে বিশ্বাস কৰে। কাৰিকৰী দিশৰ পৰাও এই গুহাসমূহক অজন্তা আৰু ইলোৰাৰ লগত তুলনা কৰা হয়।

১.৯ মিটাৰ ওখ, ২.৬ মিটাৰ পথালি আৰু ১.৮ মিটাৰ গভীৰ এই গুহাকেইটাৰ প্ৰত্যেকটোৰে আছে একোটাকৈ বাৰাণ্ডা আৰু এই বাৰাণ্ডাই গুহাকেইটাৰ সৌন্দৰ্য্যক আৰু অধিক আকৰ্ষিত কৰি তোলে। এই দুগ্ধনাথ পাহাৰৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ এক বৃহৎ এলেকা লগেতে সৌন্দৰ্যক অনন্য মাত্ৰা প্ৰদান কৰি সৃষ্টি হোৱা বালিচৰ সমূহ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত থকা নৰনাৰায়ণ সেতুৰ নয়নাভিৰাম দৃশ্য প্ৰত্যক্ষ কৰে দার্শনৰ্থথী তথা ইয়ালৈ বনভোজ খাবলৈ অহা লোকসকলে। অজন্তা ইলোৰা সাদৃশ্য এই গুহাসমূহ ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগে সংৰক্ষণৰ ব্যৱস্থা কৰিছে।পাহাৰৰ ওপৰৰ পৰা বৰ্তমান অৱস্থাত ব্ৰহ্মপুত্ৰৰ পানী শুকাই সৃষ্টি হোৱা বালিৰ চৰসমূহৰ দৃষ্টিনন্দন দৃশ্যই মন মুহিবলৈ সক্ষম হৈছে সকলোৰে। এই ঠাইখনক অধিক গুৰুত্ব প্ৰদান কৰি অসমৰ অন্যতম পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে ইয়াৰে স্থানীয় ৰাইজে।