গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : চূণচালিৰ সৃষ্টিনগৰৰ নির্মাণকাৰ্য বন্ধ কৰাৰ দাবীত চূণচালিৰ ৰাইজৰ অৱস্থান ধৰ্মঘট। চূণচালিৰ সৃষ্টিনগৰৰ মূল প্ৰৱেশদ্বাৰতে ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী।
উক্ত প্ৰতিবাদত অংশগ্ৰহণ অংশগ্ৰহণ দিছপুৰৰ বিধায়ক অতুল বৰাৰ । বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ৰাইজে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি হুংকাৰ কোনোপধ্যেই চূণচালিত সৃষ্টি নগৰ হ’ব দিয়া নহ’ব।
উল্লেখ্য যে বৰলুইতৰ পাৰত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চূণচালিৰ পাহাৰীয়া এলেকাত সৃষ্টি নগৰ নিৰ্মান কার্য বন্ধ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক বাৰম্বাৰ অনুৰোধ জনাই আহিছিল যদিও চৰকাৰে এই নিৰ্মাণ কার্য বন্ধ কৰা নাই । কিছুদিনৰ বাবে নিৰ্মান কার্য বন্ধ ৰাখিছিল যদিও পুনৰ আৰম্ভ কৰিছে সৃষ্টি নগৰৰ নিৰ্মাণ কার্য। সেইবাবে উক্ত নিৰ্মাণ কার্য বন্ধ কৰাৰ দাবীত চূণচালিৰ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।