গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : পুনৰ আক্ৰমণৰ সন্মুখীন হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিক । এইবাৰ সাংবাদিকক আক্ৰমণ কৰিলে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ সমৰ্থকৰূপী এজন উদণ্ড যুৱকে। এই উদণ্ড যুৱকে বৰঝাৰ বিমানবন্দৰত শনিবাৰে বিয়লি কৰ্মৰত সাংবাদিকক আক্ৰমন কৰি গ’ল এফালৰ পৰা ।

বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিছত দিল্লীৰ পৰা আহি আব্দুল খালেক বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ । একাংশ সমৰ্থকে গামোছা দিয়াৰ নামত প্ৰথমৰে পৰাই হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰি আছিল। কিছুসময় পিছত সংবাদ কৰ্মীয়ে আব্দুল খালেকৰ পৰা সাক্ষাৎকাৰ লোৱাৰ সময়তে এজন উদণ্ড যুৱকে সংবাদকৰ্মীসকলক আক্ৰমন চলাই । পিছত সংবাদকৰ্মীসকলে প্ৰহৃত হৈ আক্ৰমনকাৰীক ধৰি আৰক্ষীৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰাৰ পুনৰ উক্ত যুৱকজনে সংবাদকৰ্মীসকলোক প্ৰহাৰ কৰিবলৈ উদ্যত হয় । লগে লগে সংবাদকৰ্মী সকলে একগোট হৈ তেওঁক উভতি ধৰি আক্ৰমণ প্ৰতিহত কৰে ।

ইফাল সাংবাদিক সকলে আব্দুল খালেকক ঘটনাটো অৱগত কৰিব বিচাৰে যদিও খালেক ইতিমধ্যে বিমানবন্দৰৰ পৰা ওলায় যায় । উপায়হীন হৈ পৰা সংবাদকৰ্মীসকলৰ মাজৰ পৰা আক্ৰমনকাৰী এই উদণ্ড যুৱকগৰাকীক একাংশ লোকে ঘটনাস্থলীৰ পৰা পলুৱাই পঠাই ।

পিছত আৰক্ষী উপস্থিত হয় যদিও ইতিমধ্যে সমৰ্থক সকল গুচি যায় । ইয়াকে লৈ বিমানবন্দৰত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ । আব্দুল খালেকৰ শ শ সমৰ্থকে প্ৰায় ১১ গৰাকী সাংবাদিকক আক্ৰমন কৰিবলৈ লোৱা ঘটনাক বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া আগবঢ়াইছে।

প্ৰশ্ন হয় কিয় এনেদৰে বাৰে বাৰে সাংবাদিকসকল আক্ৰমণৰ সন্মুখীন হ’ব লগা হৈছে ? সঁচাকৈয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিকসকল সুৰক্ষিত নহয় নিকি ?