খাৰুপেটীয়া, সংবাদ ৩৬৫, ২০ আগষ্ট: দৰং জিলাৰ দলগাও ৰাজহ চক্ৰৰ অধীনৰ ওন্দোলাঝাৰ গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ৰ এন এছ কে ২৭ নম্বৰ এন আৰ চি কেন্দ্ৰৰ গাফিলতিত এন আৰ চি কেন্দ্ৰটোৰ পিছফালে থকা জাবৰৰ দমত বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ পৰি থকা অৱস্থাত ওন্দোলাঝাৰ গাঁও পঞ্চায়তৰ একাংশ ৰাইজে জাবৰৰ দমৰ পৰা তুলি আনি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা বাতৰিটো ভাইৰেল হোৱাৰ পাছত অঞ্চলটোত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়। এই সন্দৰ্ভটোত এন আৰ চি বিষয়া জগত জীৱন দত্তই গা এৰা মন্তব্য দিয়া পৰিলক্ষিত হয়। এন আৰ চিৰ বিষয়া সকলৰ কৰ্তব্যৰ এনে গাফিলতিৰ বাবে ওন্দোলাঝাৰত প্ৰায় ৭০ শতাংশ লোকৰ নাম বাদ পৰা বুলি আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে অভিযোগ কৰে। যদি এনেদৰে চক্ৰান্তমূলকভাবে বিষয়া-কৰ্মচাৰী সকলে প্ৰকৃত ভাৰতীয় নাগৰিকক এন আৰ চিৰ পৰা বাদ দিয়ে তেনেহলে আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমানে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। লগতে এই সন্দৰ্ভত আমছুৰ নেতা গৰাকীয়ে উচ্চতম ন্যায়ালয়ত অৱগত কৰিব বুলি প্ৰকাশ কৰিছে।
