কোকৰাঝাৰ, সংবাদ ৩৬৫, ২০ আগষ্ট: সোমবাৰে কোকৰাঝাৰত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত কোকৰাঝাৰ চহৰৰ নিলগত ডালোৱাৰি চাহ বাগিচাত চাহ শ্ৰমিকৰ নূন্যতম মজুৰি ৩৫০ টকা ধাৰ্য কৰাৰ দাবীত কৰ্ম বিৰতি পালন কৰাৰ লগতে চাহ ফেক্টৰিও বন্ধ কৰে প্ৰতিবাদী সকলে। ডালোৱাৰি চাহ বাগিচাৰ প্রাংগণত প্ৰতিবাদী সকলে হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, পল্লব লোচন, পবন সিং মূৰ্দাবাদ, বিজেপি চৰকাৰ মূৰ্দাবাদ, চাহ শ্ৰমিকৰ মজুৰি ১৬৭ টকাৰ সলনি ৩৫১ টকা দৈনিক মজুৰি বৃদ্ধি কৰিবই লাগিব আদি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান গাই তেওঁলোকৰ প্ৰতিমূৰ্তি দাহ কৰি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি মন্ত্ৰী পল্লৱ লোচন দাসক সৰ্বকালৰ ব্যৰ্থ মন্ত্ৰী বুলি অভিহিত কৰি বিজেপিৰ প্ৰতিশ্ৰুতি ভূৱা বুলিও মত পোষণ কৰিছে । চাহ শ্ৰমিক সকলে কাৰো পৰা অনুকম্পা বিচৰা নাই বৰং শ্ৰমৰ বিনিময়ত প্ৰাপ্য মজুৰি হে দাবী কৰিছে বুলি উল্লেখ কৰি লাক্ৰাই বৰ্তমানৰ ১৬৭ টকা মজুৰিৰ সলনি চাহ শ্ৰমিকৰ মজুৰি নুন্যতম ৩৫১ টকা ধাৰ্য কৰিবলৈ দাবী জনাই ।