বৰপেটা, সংবাদ ৩৬৫, ৪ জানুৱাৰী: এন আৰ চি সংক্ৰান্তীয় বহু নাগৰিকৰ ভূল নাম শুধৰণি কেনেকৈ কৰিব পাৰি তাৰ বাবে শুকুৰবাৰে উত্তৰ বৰপেটাৰোডৰ আদৰ্শ জাতীয় বিদ্যালয়ত এচো’চিয়েছন ফৰ প্ৰটেকশন অফ ইণ্ডিয়া চিটিজেনশ্বিপ ৰাইটছ টমুকৈ এ.পি.আই.চি.আৰ’ৰ উদ্যোগত এক প্ৰশিক্ষন শিৱিৰৰ আয়োজন কৰা হয়। উক্ত প্ৰশিক্ষন শিৱিৰত সভাপতিত্ব কৰে মাইন উদ্দিন চাহাবে আৰু উদ্দেশ্য ব্যাখ্যা এ.পি.আই.চি.আৰ’ৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদে। প্ৰশিক্ষণ শিৱিৰত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে আমছুৰ প্ৰাক্তন তথ্য আৰু প্ৰযুক্তি সম্পাদক শাকিল আহমেদে। উক্ত প্ৰশিক্ষন শিৱিৰত উপস্থিত থাকে ডুমডুমা মহাবিদ্যালয়¸ তিনিচুকীয়াৰ সহকাৰী অধ্যাপক ডঃ লোকমান আলী¸ বৰপেটাৰোডৰ বিশিষ্ট সমাজ সেৱক তথা শিক্ষক জাহিদুল ইছলাম মিৰ্ধা, ধুমাৰকুৰৰ বিশিষ্ট সমাজ সেৱক জলিল খান, বৰপেটা জিলা আমছুৰ কাৰ্য্যকৰী সভাপতি ছফিউৰ ৰহমান, সম্পাদক নজৰুল আলী আহমেদ, বাক্সা জিলা সমিতিৰ সাঃ সম্পাদক সাহাদত হুছেইন, শালবাৰী জিলা এবিএমছুৰ সাধাৰণ সম্পাদক স্বাইজুদ্দিন খন্দকাৰ বাক্সা জিলা আমছুৰ প্ৰচাৰ সম্পাদক আমিনুৰ ৰহমানে। উক্ত প্ৰশিক্ষন শিৱিৰত ত্ৰিছ গৰাকী প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰে। উপস্থিত প্ৰতিজন যুৱকক নিজ নিজ গাৱৰ প্ৰতিজন নাগৰিকক সহায় সহযোগ কৰিবলৈ আহব্বান জনায়।