ছয়গাও, সংবাদ ৩৬৫, ৪ জানুৱাৰী: দক্ষিণ কামৰূপৰ ছয়গাও সমষ্টিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত নৈৰ বুকুত দিনে নিশাই অবৈধ খনন কাৰ্য চলাই অঞ্চলটোৰ একাংশ গৰাখহনীয়াগ্ৰস্ত লোকক ভয়াৱহ সংকটৰ দিশে ঠেলি দিছে ৰাজ্যৰ জলসম্পদ বিভাগে । ব্ৰহ্মপুত্ৰৰ বুকুত দিনে নিশাই এছকেভেটৰৰে খনন কাৰ্য চলাই ডাম্পাৰ আৰু ট্ৰেইলৰেৰে মাটি কঢ়িয়াই এক আতংকৰ সৃষ্টি কৰিছে ছয়গাও সমষ্টিৰ জাহিৰপুৰ অঞ্চলত । যিটো স্থানত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এক অভিলাষী আচনি উদ্ধোধন কৰিছিল আৰু আচনি ৰূপায়ণ কৰি অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল । উক্ত স্থানত বৰ্তমান বালি চাপৰি হোৱাত পূৰ্বৰ বাসিন্দা সকলে নিজৰ নিজৰ ম্যাদী পট্টাৰ মাটিখিনি বিচাৰি পাইছিল । কিন্ত গৰৈমাৰীৰ আলিকাষত এডিবিৰ জৰিয়তে আৰম্ভ হোৱা প্ৰায় পসত্তৰ কোটি টকীয়া কামৰ বাবে জিঅ’ বেগত মাটি ভৰোৱাৰ বাবে বিভাগীয় ঠিকাদাৰে বাচি লয় জাহিজপুৰৰ উক্ত ঠাইখিনি যাৰ ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। উল্লেখযোগ্য যে আলিকাষত চলি থকা গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ ঠিকাৰ আবণ্টন লাভ কৰিছে বিলাসীপাৰাৰ গৌতম কণ্ট্ৰাকছন নামৰ প্ৰতিষ্ঠানটোৱে । য’ত বিলাসীপাৰাৰ বিধায়কো জড়িত আছে বুলি সন্দেহ কৰা হৈছে। এতিয়া কথা হ’ল এফালে নদী ভেটিবলৈ গৈ আৰু এফালে খহনীয়াক আমন্ত্ৰণ কৰিবলৈ যোৱা কাৰ্যক কোনেও সহ্য কৰিব নোৱাৰে । ইফালে বিগত কেইদিনমান পূৰ্বে জাহিজপুৰ অঞ্চলত জলসম্পদ বিভাগৰ পশ্চিম গুৱাহাটী সংমণ্ডলৰ উচ্চ পদস্থ বিষয়াৰ কৃপাত গৌতম কণ্ট্ৰাকছন নামৰ প্ৰতিষ্ঠানটোৱে জাহিজপুৰৰ ম্যাদী পট্টাৰ মাটিত অবৈধভাৱে মাটি কটা কাৰ্যত ক্ষুদ্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । উক্ত অঞ্চলত অবৈধভাৱে মাটি কটা বন্ধ কৰাৰ বাবে গৰৈমাৰীৰ চক্ৰ বিষয়াক স্থানীয় ৰাইজে লিখিত অভিযোগ দাখিল কৰিছিল যদিও চক্ৰ বিষয়াই এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । যাৰ প্ৰতিবাদত শুকুৰবাৰে স্থানীয় একাংশ ৰাইজে নৈৰ খননস্থলীত উপস্থিত হৈ খনন কাৰ্য বন্ধ কৰি দিয়ে । স্থানীয় ৰাইজে উক্ত অঞ্চলত অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে । উল্লেখযোগ্য যে উক্ত অঞ্চলত এনেদৰে খনন কাৰ্য চলাই থাকিলে অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ গতি সলনি কৰি পুনৰ গৰাখহনীয়া আৰম্ভ হ’ব বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে । এই ক্ষেত্ৰত এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগৰ লগতে চক্ৰ বিষয়াক দাবী জনাইছে ।