চামগুৰিৰ পৰা নাৱজ্যোতি বৰুৱা, সংবাদ ৩৬৫, ২৯ জুন : গভীৰ সংকট নামি আহিছে ঐতিহ্যমণ্ডিত চামগুৰি বিললৈ। বিভিন্ন মৎস আৰু পৰিভ্ৰমী চৰাইৰ বাবে বিৎখ্যাত চামগুৰি বিলৰ আছে এক সুকিয়া ঐতিহ্য। মৃত্যুৰ মুখত পৰিবলৈ ধৰিছে বিলখনৰ মাছ। বানপানীয়ে অস্তিত্ব নাইকিয়া কৰিব নেকি চামগুৰি বিলৰ?

অসমত থকা জলাশয় সমূহৰ ভিতৰত অন্যতম এখন জলাশয় হৈছে নগাঁও জিলাৰ চামগুৰিৰ ঐতিহ্যমণ্ডিত চামগুৰি বিল। চামগুৰি বিলখনৰ আছে এক সুকিয়া ঐতিহ্য, বৃহৎ এলাকধিন বিলখনৰ মনোমোহা পৰিৱেশ আৰু সৌন্দৰ্যই যুগ যুগ ধৰি আৰ্কষিত কৰি আহিছে পৰ্যটকৰ সকলক। পৰ্যটকৰ বাবে এক মনোৰম ঠাই হিচাপে চিহ্নিত ঐতিহ্যমণ্ডিত বিলখন কৰতি মাছৰে খ্যাত বুলিও জনাজাত। পৰ্যটক সকলৰ লগতে এই বিলখন পক্ষীকুলৰ বাবেও অতিকৈ গুৰুত্বপূৰ্ণ এখন জলাশয়। প্ৰতিবছৰে এই বিলখনলৈ আগমন ঘটে কেইবাটাও প্ৰজাতিৰ হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাইৰ। নগাঁও জিলাখনৰ এক সুকীয়া পৰিচয় দাঙি ধৰা চামগুৰি বিল এতিয়া পৰিছে গভীৰ সংকটত। বিলখনত থকা বহু মাছৰ মৃত্যু ঘটিবলৈ ধৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগেই চামগুৰি বিলৰ কাষতে থকা কলং নৈ উফন্দী উঠাত সৃষ্টি হৈছে বানপানীৰ। বানৰপানীয়ে ভাঙিবলৈ ধৰিছে চামগুৰি বিলৰ চাৰিওকাষে থকা বৃহৎ মথাউৰি, ফলত বিলখনৰ কাষতে থকা বাগিচা সমূহৰ ঔষধযুক্ত পানী কলংৰে বৈ আহি গভীৰ সংকটত পেলায়ছে ঐতিহ্যমণ্ডিত বিলখনক। ঔষধযুক্ত পানী ফলত বিলখনৰ বহু মাছ ইতিমধ্যে মৃত্যুমুখত পৰিছে ফলত আশংকাত ভুগিবলগীয়া হৈছে বিলখনৰ মহলদাৰৰ লগতে মাছমৰীয়া সকল।

প্ৰতিবছৰে বানপানীৰ সময়ত কাষৰীয়া বাগিচা সমূহৰ ঔষধযুক্ত পানী চামগুৰি বিলত বৈ অহাৰ ফলত অনুৰূপ ধৰণে মাছৰ মৃত্যু হয়। বিলখনৰ মহলদাৰ আৰু মাছমৰিয়া সকলে চৰকাৰক বিলখনত এখন চুইছ গেট নিৰ্মাণ কৰিবলৈ বহুবাৰ আবেদন জনাই আহিছে যদিও বিলখন ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰক‍াশ কৰিছে মহলদাৰ আৰু মাছমৰিয়া সকল। চৰকাৰৰ গুৰুত্বহীনতাৰ ফলত এতিয়া এতিয়া এনেদৰে নিঃশেষ হোৱাৰ পথত ঐতিহ্যমণ্ডিত চামগুৰি বিল।