গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুন : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য যথেষ্ট হ্ৰাস পোৱাৰ পিছতো ভাৰতত খাৰুৱা তেলৰ মূল্য প্ৰতিদিনে বৃদ্ধি পোৱাতো উদ্বেগজনক বিষয় বুলি মন্তব্য কৰিছে ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফ সভাপতি মৌলানা বদৰুদ্দিন আজমলে৷ সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক বিবৃতিত যোগে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ গৰাকীয়ে কয় যে, ভাৰতবাসী প্ৰত্যক্ষভাৱে পেট্ৰল, ডিজেল আৰু ইন্ধনৰ লগত জড়িত৷ এই ক্ষেত্ৰত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে কৰ’ণা ভাইৰাছে সৰ্বহাৰা কৰা দেশৰ অৰ্থ সামাজিক ব্যৱস্থাত ৰাইজৰ উপৰত ভূতৰ উপৰত দানৱ পৰা দি পৰিছে ৷

এ আই ইউ ডি এফৰ সভাপতি গৰাকীয়ে আৰু কয় যে, কৰ’ণা মহামাৰীৰ এই সময়ত বহুলোক নিবনুৱা হৈ পৰিছে, প্ৰতি দিনে অত্যৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি ঘটিছে আৰু চৰকাৰে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰন কৰাত ব্যৰ্থ হৈছে৷ অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ দেশত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি প্ৰতিদিনে হৈ আছে৷ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ ফলত খাদ্য সামগ্ৰীৰ মূল্য আৰু অধিক বৃদ্ধি পাব, গতিকে পেট্ৰল/ডিজেলৰ মূল্য নিয়ন্ত্ৰন নকৰিলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাটো স্বাভাৱিক। কৃষি কাৰ্যৰ ক্ষেত্ৰত ট্ৰেক্টৰকে ধৰি ব্যৱহাৰ কৰা বহু সা-সৰঞ্জাম ডিজেল চালিত, গতিকে তেনে ক্ষেত্ৰত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে কৃষি কাৰ্যত প্ৰভাৱ পেলাব৷ তদুপৰি দেশত ৰন্ধন গেছৰ মূল্যও ব্যাপক হাৰত বৃদ্ধি হৈ আছে, চৰকাৰে এই ক্ষেত্ৰতো মূল্য নিয়ন্ত্ৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহন নকৰি নিশ্চুপ হৈ আছে বুলি মন্তব্য কৰি মৌলানা বদৰুদ্দিন আজমলে চৰকাৰক দেশত কৰ’ণা মহামাৰীৰ বাবে চলি থকা অৰ্থনৈতিক সংকটৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো বস্তুৰ মূল্য নিয়ন্ত্ৰনত ৰখা উচিত।

এ আই ইউ ডি এফৰ সভাপতি তথা ধুনীয়াৰ সাংসদ গৰাকীয়ে চৰকাৰে পেট্ৰল-ডিজেলৰ মূল্য নিয়ন্ত্ৰন কৰি ৰাইজক সকাহ দিবলৈ তাৎক্ষনিক ব্যৱস্থা গ্ৰহন কৰি লাগে বুলিও বিবৃতিটোত দাবী জনায়৷ ইফালে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিক লৈ কংগ্ৰেছ দলেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয়।