গুৱাহাটী, সংবাদ ৩৬৫, ১০ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত গৰিয়া-মৰিয়া জনগোষ্ঠীৰ বাবে পুনৰ কিছুমান আভুৱা ভৰা প্ৰতিশ্ৰুতি সন্নিবিষ্ট কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকে।

গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰি সাধাৰণ সম্পাদক মইনুল হকে কয় যে থলুৱা মুছলমানৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি কংগ্ৰেছৰ ভুৱা আস্ফালনহে । কাৰণ স্বাধীনতাৰ পিছৰে পৰা কংগ্ৰেছে গৰিয়া-মৰিয়া জনগোষ্ঠীৰ থলুৱা মুছলমানসকলক কেৱল ভোটবেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে।

এইবাৰ লোকসভা নিৰ্বাচনতো কেইবাজনো গৰিয়া-মৰিয়া জনগোষ্ঠীৰ লোকে দলীয় প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰিছিল কিন্তু জনগোষ্ঠী দুটাৰ এজনকো টিকট প্ৰদান নকৰিলে।

আনহাতে, ইস্তাহাৰত গৰিয়া-মৰিয়া জনসাধাৰণৰ উন্নতিৰ বাবে এক পৃথক সঞ্চালকালয় গঠনৰ দাবী বিবেচনা কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱ নেতাজনে কয় যে নিৰ্বাচনী ইস্তাহাৰতে পৃথক সঞ্চালকালয় গঠন কৰিম বুলি কবলৈ তেওঁলোকৰ সাহস নহ’ল।

ইফালে, গৰিয়া-মৰিয়া সংগঠনসমূহৰ বহু আন্দোলনৰ ফলত ২০১৬ চনত গৰিয়া উন্নয়ন পৰিষদ ঘোষণা কৰিলে যদিও পৰিষদখন কাৰ্যকৰী নকৰিলে।

গতিকে এনে প্ৰেক্ষাপটত কংগ্ৰেছৰ এনে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাইজে কেনেকৈ বিশ্বাস কৰিব সেয়া বিচাৰ্য্যৰ বিষয় হৈ পৰিছে।

আনহাতে, বিশ্ব নাথ চাৰিআলিৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে পৰিষদে। বিষয়টো তদন্ত কৰি দোষীক শাস্তি দিবলৈও সংবাদমেলৰ জৰিয়তে দাবী জনায়।