বৰপেটাৰ, সংবাদ ৩৬৫, ১১ এপ্ৰিলঃ ৰাজ্যখনত লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে ৷ ৬ নং বৰপেটা লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী এছাহাক আলী দেৱানৰ সমৰ্থনত দলটোৱে বৰপেটাৰ বাগোদীত ১০ এপ্ৰিলত অনুষ্ঠিত কৰে বিশাল নিৰ্বাচনী গণ সমাবেশ ৷ এই সমাবেশত দলটোৰ কেন্দ্ৰীয় সমিতিৰ নেতাসকলে কংগ্ৰেছ – বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে।

উক্ত সভাত ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ পৰ্যবেক্ষক ডা শান্তনু সেনে অংশগ্ৰহণ কৰি বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰি ভাৰতৰ ঐক্য, শান্তি, সম্প্ৰীতিত ব্যাঘাত জন্মোৱাৰ চেষ্টা চলাই আছে বুলি কয়। কংগ্ৰেছ-বিজেপিক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে এই দুয়োটা দলে অসমৰ সংখ্যালঘুৰ উন্নয়ন, বিদেশী সমস্যাৰ সমাধান হোৱাটো নিবিচাৰে বুলি কয় । “কেব” এ অসমৰ জনগাঁথনিৰ পৰিবৰ্তন অনাৰ লগতে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব বুলি তেওঁ কয় ।

নিৰ্বাচনী সভাখনত তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা হুগলী জিলা পৰিষদৰ সদস্যা ৰুনা খাতুনে অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোডীয়ে ইফালে “বেটি বাচাওঁ বেটি পঢ়াও” শ্লোগান দিয়ে আৰু আনফালে দেশৰ নাৰীসকলক নিৰ্যাতন, বলাৎকাৰ, মানসিক অস্থিৰতাৰ পৰা মুক্ত কৰিব পৰা নাই বুলি কয় ৷ ডিটেনচন কেম্পত হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকক আবদ্ধ কৰি হাৰাশাস্তি কৰি আহিছে বুলিও নেত্ৰীগৰাকীয়ে অভিযোগ কৰে।

আনহাতে, কংগ্ৰেছকো ক্ষুৰধাৰ সমালোচনা কৰে নেত্ৰীগৰাকীয়ে ৷ কংগ্ৰেছৰ অপশাসনৰ বাবে ভাৰতীয় ৰাইজে কংগ্ৰেছক যিদৰে উৎখাত কৰিছে ঠিক একেদৰে সাম্প্ৰদায়িতাৰ বাবে ৰাইজে বিজেপি দলকো উৎখাত কৰিব বুলি মন্তব্য কৰে ৷ সভাত অংশ গ্ৰহণ কৰা জনপ্ৰিয় বাংলা চলচিত্ৰ অভিনেতা তথা তৃণমূল কংগ্ৰেছ নেতা সোহাম চক্ৰৱৰ্তীক চোৱাৰ বাবে ৰাইজে হেতা ওপৰা লগায় ৷

সভাখনত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ গোপীনাথ দাস, ৬ নং বৰপেটা লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী এছাহাক আলী দেৱানেও ভাষণ প্ৰদান কৰে ৷ সভাখনত জিলা তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মী সকলৰ লগতে কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে ।