বাইহাটা চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২১ফেব্ৰুৱাৰী: ৰাজ্যত অব্যাহত আছে ক’লা হীৰাৰ ক’লা বেহা। ক’লা হীৰাৰ ব্যৱসায়ীয়ে নিতৌ অবৈধ ভাৱে বহি ৰাজ্যলৈ সৰবৰাহ কৰি আছে কয়লা । বৈধ নথি পত্ৰ অবিহনে বহি ৰাজ্যলৈ সৰবৰাহ কৰিব বিছৰা দুখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে কামৰূপৰ কমলপুৰ আৰক্ষীয়ে । দুখন নথি পত্ৰ বিহীন কয়লা ভৰ্তি ট্ৰাক মাৰ্ঘেৰিটাৰ পৰা উত্তৰ প্ৰদেশলৈ গৈ থকা অৱস্থাত কমলপুৰ আৰক্ষীয়ে জব্দ কৰে । নিৰ্ভৰযোগ্য সুত্ৰে কমলপুৰ আৰক্ষীয়ে খবৰ পায় ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই জব্দ কৰে ইউ পি-৫১-এ টি-২১৩৫ আৰু ইউ পি-৫১-এ টি-৫২৮৫ নম্বৰৰ ট্ৰাক দুখন । কমলপুৰ আৰক্ষীয়ে ৪৫/১৯ নম্বৰত কেছ ৰুজু কৰি ট্ৰাক দুখনৰ চালক দুজনক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।