তামুলপুৰ, সংবাদ ৩৬৫, ২১ ফেব্ৰুৱাৰী: তামুলপুৰ মহকুমাৰ কচুবাৰীত অৱস্থিত মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ সহযোগত সত্ৰ বাকৰিত বৃহস্পতিবাৰে ১৬ সংখ্যক ধননত্বৰী সেৱাযাত্ৰাৰ অধীনত সেৱাভাৰতী পূৰ্বাঞ্চল আৰু নেচনেল মেডিকোজ অৰ্গেনাইজেচনৰ উদ্যোগত এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ শিবিৰত কচুবাৰী বাৰাংগাবাৰী কচুকাটা সৌৰাগুৰি আদি গাৱৰ প্ৰায় তিনি শতাধিক লোকে অংশ গ্ৰহন কৰি বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰাৰ উপৰিও ঔষধ পাতিও লাভ কৰে ৷ শিবিৰত সাধাৰন ৰোগ সমূহৰ উপৰিও চকু কান নাক ডিঙি আদিৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় ৷ শিবিৰত সংস্থা দুটাৰ প্ৰায় পোন্ধৰ গৰাকী চিকিৎসক আৰু পেৰামেডিকেল ষ্টাফে চিকিৎসা সেৱা আগবঢ়ায় ৷ শিবৰত মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰুোজগন্নাথ থান সত্ৰৰ সভাপতি ধনেশ্বৰ দাস সাঃ সম্পাদক খগেন দাস উপদেষ্টা হলধৰ দাস, ৰমেশ দাস উপৰিও নাৰায়ন দাস, মনেশ্বৰ দাস, প্ৰভাত শৰনীয়াৰা আৰু প্ৰদীপ দাস উপস্থিত থাকি শিৱিৰ পৰিচালনাত সহায় সহযোগ কৰে ৷