গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিল : পুলৱামাৰ ভয়ংকৰ সন্ত্ৰসবাদীৰ আক্ৰমণত সমগ্ৰ দেশ শোকত ম্ৰিয়মান হৈ থকাৰ সময়ত ছয়টাকৈ ৰাষ্ট্ৰীয় বিমান বন্দৰ আদানী গোষ্ঠীৰ হাতত তুলি দিয়াৰ পাছতেই পুনৰ দেশৰ ৰাষ্ট্ৰীয় শিল্প নগাঁও আৰু কাছাৰ কাগজ কল কৌশলগতভাৱে পানীৰ দামত বিক্ৰী কৰি দিয়াৰ চক্ৰান্ত কৰিছে প্ৰধানমন্ত্ৰীয়ে।

এই সন্দৰ্ভত বুধবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি এইচ পি চি পেপাৰ মিলচ ৰিভাইভেল এক্সন কমিটিয়ে কয় যে লাখ লাখ কৰ্মচাৰী সকলক কৰ্মচ্যুত কৰি ৰাইজেই নিৰ্বাচন কৰি দিয়া চৰকাৰৰ কি অধিকাৰ আছে ৰাষ্ট্ৰীয় উদ্যাগ বিক্ৰী কৰাৰ। লগতে ২০১৫ -১৬ চনৰ পৰা মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ অহাৰ পাছৰ পৰাই বন্ধ হৈ যোৱা নগাঁও আৰু কাছাৰ কাগজ কল ৰাফেল কেলেংকাৰীৰ দৰেই এটা ডাঙৰ কেলেংকাৰী বুলি কয় কমিটিখনে।

অসমৰ প্ৰতি বৈষম্য আৰু জনগণৰ প্ৰতি চৰম অৱহেলা প্ৰকাশ কৰি তথা অসমৰ জনগণৰ স্বাভিমানক সন্মান নকৰি মোদীয়ে ২০১৮ চনত গুজৰাট টেক্সটাইল উদ্যোগ আধুনিকীকৰণৰ কাৰণে ৬ হাজাৰ কোটি টকা আৰু উত্তৰ প্ৰদেশৰ উদ্যোগিক বিকাশৰ বাবে ৬০ হাজাৰ কোটি টকা, মধ্য প্ৰদেশৰ নিপা পেপাৰ মিলক পুনৰ উজ্জীৱিত কৰাৰ বাবে ৪৬৯ কোটি টকাৰ মঞ্জুৰী দিছে।

ইফালে অসমত নগাঁও আৰু কাছাৰৰ কাগজ কল বন্ধ হোৱাৰ ফলত শ্ৰমিক-কৰ্মচাৰীয়ে পাব লগা দৰমহা ২৭ মাহ ধৰি বন্ধ হৈ শ্ৰমিক-কৰ্মচাৰীক এক মৃত্যুৰ মুখলৈ ঠেলি দিছে । উল্লেখ্য যে ইয়াৰ ফলত ৫১ জন শ্ৰমিকৰ অকালমৃত্যু হোৱাৰ লগতে ২ জনকৈ শ্ৰমিকে আত্মহত্যাৰ পথ বাছি লৈছে।

আনহাতে,অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে দিয়া প্ৰতিশ্ৰুতি মিল চলিবই আৰু ১৮ নৱেম্বৰ ২০১৭ তাৰিখতে ঘোষণা কৰা ৬ মাহৰ ভিতৰতে মিলৰ উৎপাদন আৰম্ভ আৰু ৩ মাহৰ ভিতৰতে শ্ৰমিক-কৰ্মচাৰীৰ প্ৰাপ্যসমূহ দিয়া হব বুলি দিয়া প্ৰতিশ্ৰুতয়ে তিনি বছৰকাল অতিক্ৰম কৰিলে কিন্তু পূৰণ নহ’ল সেইসমূহ প্ৰতিশ্ৰুতি।

নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণ আৰু জাতীয় সম্পদ দুটা ৰক্ষণাবেক্ষণৰ বাবে অসমৰ জনগণে গণতান্ত্ৰিক পদ্ধতিৰে চলাই অহা আন্দোলনক চৰকাৰে উপেক্ষা কৰিছে। সেয়েহে মধ্য অসম আৰু বৰাক উপত্যকাৰ জনগণৰ প্ৰতি কৰা বিশ্বাসঘাটকতাৰ সঠিক উত্তৰ দিয়াৰ সময় আহিছে । বিজেপি চৰকাৰক ভোট দান নকৰি বিজেপি চৰকাৰৰ বিৰোধিতা কৰা ৰাজনৈতিক সংগঠন সমূহক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাই এইচ পি চি পেপাৰ মিলচ ৰিভাইভেল এক্সন কমিটিয়ে।