আনিছুৰ আলী

গৌৰীপুৰ 

১৩ আগষ্ট

অৱশেষত কুখ্যাত তীৰ মাফিয়া আৰক্ষীৰ জালত। নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত তামাৰহাটৰ কুখ্যাত তীৰ মাফিয়া চান মিঞাক আটক কৰিলে আৰক্ষীয়ে। কুখ্যাত তীৰ মাফিয়াক চান মিঞাক পাগলাহাট আৰক্ষীয়ে কৰে আটক৷

ধুবুৰী জিলাত চলি থকা অবৈধ বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে কঁকালত টঙালি বান্ধিছে। বিগত কিছুদিনত অবৈধ বেহাৰ বিৰুদ্ধে তৎপৰতা দেখুৱাই কেইবাটাও সফল অভিযান চলাইছে ধুবুৰী আৰক্ষীয়ে। বৃহস্পতিবাৰেও জিলাখনৰ অন্তর্গৰ তামাৰহাটত দীৰ্ঘদিন ধৰি চলি থকা তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই এক বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হয়। পাগলাহাট আৰক্ষীয়ে অঞ্চলটোত দীৰ্ঘদিন ধৰি তীৰ খেলৰ নেতৃত্ব দি থকা চান মিঞা নামৰ এজন তীৰ মাফিয়াক আটক কৰে। তীৰ খেলৰ মাফিয়া চান মিঞাই চলাই থকা তীৰ খেলে বৃহত্তৰ অঞ্চলটোত আৰ্থসামাজিক পৰিবেশ সম্পূৰ্ণৰূপে বিনষ্ট কৰি পেলাইছে।

বৃহস্পতিবাৰে পুৱাৰ ভাগত পাগলাহাট আৰক্ষীয়ে এক গোপন সুত্ৰে খবৰৰ ভিত্তিত বৰণডাঙ্গাৰ বাসগৃহৰ পৰা চান মিঞাক আটক কৰে। আৰক্ষীয়ে চান মিঞাৰ কবলৰ পৰা তীৰ খেলৰ বিভিন্ন নথিপত্ৰও উদ্ধাৰ কৰে।