ছয়গাঁও

১৩ আগষ্ট

ছয়গাঁৱৰ চি জি ফুডত উদ্যোগত ৩৭ গৰাকী কৰ’ণা ভাইৰাছত আক্রান্ত ৰোগী। গণসংক্ৰমণৰ আশংকাৰ পিচতো উদ্যোগটোত চলি আছে কাম। ক্ষোভিত হৈ পৰিছে উদ্যোগটোত কৰ্মৰত কৰ্মচাৰী সকল।

ৰাজ্যত অব্যাহত কৰ’ণা ভাইৰাছৰ সংহাৰ৷ প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাই আছে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। মহানগৰী গুৱাহাটীৰ কাষৰীয়া ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ছাটাবাৰীস্থিত উদ্যোগীক কেন্দ্ৰত থকা কেইবাটাও উদ্যোগ প্ৰতিষ্ঠানত কভিড-১৯ টেষ্ট পৰীক্ষা কৰি থকাৰ সময়ত ইয়াৰ কেইবাটাও উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ। বিশেষকৈ উদ্যোগীক কেন্দ্ৰটোত থকা বৃহৎ উদ্যোগ প্ৰতিষ্ঠান চি জি ফুডত কৰ্মৰত বহু সংখ্যক কৰ্মীৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে। প্ৰতিষ্ঠানটোত বুধবাৰে কৰ্মৰত ৬ জনকৈ কৰ্মচাৰীৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি পোৱাৰ পিচত বৃহস্পতিবাৰে আৰু ৩১ গৰাকী কৰ্মীৰ দেহত কৰ’ণা ভাইৰাছ ধৰা পৰিছে৷ দুদিনতে উদ্যোগ প্ৰতিষ্ঠানটোত মুঠ ৩৭ গৰাকী লোকৰ দেহত কৰ’ণা ভাইৰাছ ধৰা পৰিছে৷ প্ৰতিষ্ঠানটোত ৩৭ গৰাকী কৰ্মীৰ দেহত কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছতো উদ্যোগটোৰ কৰ্তৃপক্ষই এই মূহুৰ্তলৈকে উদ্যোগটোৰ কাম কাজ বন্ধ কৰা নাই। ফলত উদ্যোগটোত কৰ্মৰত প্ৰায়বোৰ কৰ্মী ক্ষোভিত হৈ পৰিছে৷

আনহাতে স্থানীয় লোক সকলেও উদ্যোগটোৰ পৰা কৰ’ণা ভাইৰাছৰ গণসংক্ৰমণ হোৱাৰ আশংকাত শংকিত হৈ পৰিছে। সেয়েহে গণসংক্ৰমণ হোৱাৰ আগতে উদ্যোগটোৰ কাম কাজ বন্ধ ৰাখিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে৷