কলগাছিয়া

২৫ আগষ্ট

কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বানত উটি গ’ল কৃষিভূমি। খহনীয়াত ভাঙিলে গড়কাপ্তানি পথ। পথবন্ধৰ বেনাৰ আৰি দায়িত্ব সামৰিলে প্ৰশাসনে। কৃষি ভূমিত আৰ্থফিলিঙৰ দাবী ৰাইজৰ।

চলিত বছৰত প্ৰলয়ংকাৰী বানপানীৰ কবলত পৰা ৰাজ্যৰ জিলা সমূহৰ ভিতৰত বৰপেটা জিলা অন্যতম। বিশেষকৈ জিলাখনৰ নৈ পৰিয়া অঞ্চল সমূহত বানপানীয়ে ব্যাপক ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে। বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত বিগত বানপানীৰ ফলত বিস্তীৰ্ণ এলেকাৰ কৃষিভূমিৰ শস্য শ্যামলা কৃষি পথাৰতে বিনষ্ট হোৱাৰ লগতে পানীৰ সোঁতে উটুৱাই নিছে কৃষিভূমি। পানীৰ সোঁতে উটুৱাই নিয়া গাঁওখনৰ কৃষিভূমি বৰ্তমান সম্পূৰ্ণৰূপে অনাবাদী হৈ পৰাত কৃষক সকল ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। বানপানীৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱা খেতি পথাৰ সমূহৰ পুনৰ খেতিৰ উপযোগী কৰি তুলিবলৈ পথাৰত আৰ্থফিলিঙ কৰাৰ লগতে বিনষ্ট হোৱা খেতিৰ ক্ষতিপূৰণৰ দাবী জনাইছে গাঁওখনত কৃষিজীৱী ৰাইজে।

আনহাতে বৰপেটা জিলাৰ কলগাছিয়াৰ পৰা টেঙাগাঁওলৈ যোৱা গড়কাপ্তানি পথটো বানপানীয়ে উটুৱাই নিয়াৰ পিছত এতিয়া তীব্ৰ খহনীয়াৰ কবলত পৰি পথটো সম্পূৰ্ণৰূপে ভাঙি যোৱাত যাতায়ত ক্ষেত্ৰত পথটো বিপদজনক হৈ পৰাত যিকোনো মূহুৰ্তত ভয়াবহ দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে। স্থানীয় ৰাইজে অতি শীঘ্ৰে পথটো মেৰামতি কৰি মৰণ ফান্দৰ পৰা ৰাইজক ৰক্ষা কৰাৰ দাবী জনাইছে।