গুৱাহাটী

২৫ আগষ্ট

গুৱাহাটীত অব্যাহত আছে যুৱ প্ৰজন্মক কোঙা কৰা ড্ৰাগছৰ বেহা। মহানগৰীৰ অলিয়ে-গলিয়ে এতিয়া উপলব্ধ মাৰাত্মক ড্ৰাগছ। সোমবাৰে জালুকবাৰী আৰক্ষীৰ দিনজোৰা ড্ৰাগছ বিৰোধী মাৰাথান অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে চাৰি কুখ্যাত ড্ৰাগছ ব্যৱসায়ী।

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই চাৰি কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন চাৰিচকীয়া বাহন, দুটা ড্ৰাগছৰ পেকেট, ৪টা মোবাইল ফোন আৰু বহুটো আপত্তিজনক নথি-পত্ৰ জব্দ কৰে। ধৃত ড্ৰাগছ ব্যৱসায়ীসকল ক্ৰমে মফিজুল, আতিফ আলী, তফিক আলী, পানী ওৰফে শ্বাহৰুক খান। ধৃত ড্ৰাগছ ব্যৱসায়ীসকল মফিজুল হৈছে কুখ্যাত ড্ৰাগছ মাফিয়া। মহানগৰীৰ বিভিন্ন স্থানত ড্ৰাগছৰ হোম ডেলিভাৰী দিয়ে মফিজুল আৰু এই কামত মফিজুলক সহায় কৰে পানী ওৰফে শ্বাহৰুক খান। আৰক্ষীৰ ম’ষ্ট ৱান্টেড তালিকাটো নাম আছিল গাড়ীগাঁৱৰ এই দুইজন ড্ৰাগছ মাফিয়াৰ। পূৰ্বেও কেইবাৰো আৰক্ষীৰ মফিজুল আৰু পানী ওৰফে শ্বাহৰুক খান আৰক্ষীৰ জালত পৰিছে যদিও নিষিদ্ধ ড্ৰাগছৰ বেহা এৰিব পৰা নাই এই দুজন ড্ৰাগছ মাফিয়াই।

ড্ৰাগছ ব্যৱসায়ৰ জৰিয়তে যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দি এওঁলোকে অগাধ সম্পত্তি গঢ়া বুলিও জানিব পৰা গৈছে। জালুকবাৰী আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানৰ শলাগ লৈছে গাড়ীগাঁওবাসী ৰাইজে। অঞ্চলটোৰ পৰিৱেশ বিনষ্টকাৰী এইসকলক ড্ৰাগছ মাফিয়াক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবীও তুলিছে ৰাইজে।