ক্ষেত্ৰী, ১৫ ডিচেম্বৰঃ মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰী আৰক্ষী চকীৰ অন্তৰ্গত কিলিংত শুক্ৰবাৰে অবৈধ ভাৱে ৰাজ্যৰ বাহিৰত নিয়াৰ পথত ৫০ টাকৈ কুকুৰ উদ্ধাৰ কৰা হয়। ক্ষেত্ৰী আৰক্ষী আৰু সামাজিক সংগঠন জাষ্ট বি ফ্রেণ্ডৰ যুটীয়া অভিযানত এখন পৰিত্যক্ত ঘৰৰ পৰা উদ্ধাৰ কৰা হয় কুকুৰ কেইটা। জানিবলৈ পোৱা মতে দয়াল দাস নামৰ এজন লোক শুক্ৰবাৰে ক্ষেত্ৰীৰ কিলিংত বনভোজ খাবলৈ গৈ পৰিত্যক্ত ঘৰটোৰ ভিতৰত কুকুৰ কেইটা দেখা পাই জাষ্ট বি ফ্রেণ্ড নামৰ সামাজিক সংগঠনটোক খবৰ দিয়ে। খবৰ পোৱাৰ পিছত সংগঠনটোৱে ক্ষেত্ৰী আৰক্ষীক লগত লৈ অভিযান চলাই কুকুৰ কেইটাক বস্তাৰ ভিতৰত বান্ধি থোৱা অৱস্তত উদ্ধাৰ কৰে। আৰক্ষীৰ খবৰ পাই এনে দৰে কুকুৰ কেইটাক বস্তাৰ ভিতৰত বান্ধি থোৱা দলটো পলায়ন কৰে যদিও আৰক্ষীয়ে ঘটস্থলীৰ পৰা দুটা চাইকেল উদ্ধাৰ কৰিব কৰে। জাবিনলৈ পোৱা মতে কুকুৰ কেইটাক নাগালেণ্ড অথবা মিজোৰামলৈ অবৈধ ভাৱে নিয়াৰ বাবে কুকুৰ সৰ্বৰাহকাৰীৰ কোনো দলে এনে দৰে বস্তা ভৰাই বান্ধি থৈছিল। সন্দেহ কৰা হৈছে যে কুকুৰকেইটা নাগালেণ্ড অথবা মিজোৰামত নাৱবর্ষৰ ভোজৰ বাবে এনে দৰে অবৈধ ভাৱে অসমৰ পৰা নিয়াৰ ব্যৱস্থা কৰা হৈছিল।