মাৰ্ঘেৰিটাৰ পৰা ৰবিন শৰ্মা,  ১৫ ডিচেম্বৰঃ উজনি অসমৰ তিনিচুকীয়া জিলাৰ বৰডুমছাৰ সোনজান শিমলুগুৰি গাঁৱত যোৱা ১১ ডিচেম্বৰ নিশা আলফা (স্বাধীন)ৰ এটি দলে গুলিচালনা কৰি অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তক হত্যা কৰাক লৈ সমগ্ৰহ তিনিচুকীয়া জিলাত উত্তেজনা অব্যহত থকাৰ সময়তে শুক্ৰবাৰে সন্দেহ জনক আলফা (স্বাধীন)ৰ সদস্যই অপহৰণ কৰিলে এগৰাকী ব্যৱসায়ীক৷

মাৰ্ঘেৰিটাৰ সমীপৰ জয়ৰামপুৰৰ খান্দু গাৱলৈ গৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ব্যৱসায়ী অৰ্ণৱ ফুকনক শুক্ৰবাৰে আহৰণ কৰিলে সন্দেহ জনক ৫ জনীয়া অস্ত্ৰধাৰী দলে। অপহৰণ কৰা ব্যৱসায়ীজনৰ ঘৰ তিনিচুকীয়া জিলাৰ জাগুনৰ ৯ মাইলত বুলি জানিব পৰা গৈছে। অপহৰণকাৰী দলটোৱে ব্যৱসায়ীজনক এখন জিপছীৰে আহি অপহৰণ কৰি নিয়ে। আলফাই এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে আৰু এই ঘটনাই সমগ্ৰহ অঞ্চলতে উত্তেজনাৰ সৃষ্টি কৰিছে।