ক্ষেত্ৰী, সংবাদ ৩৬৫, ১৮ মাৰ্চ: মহানগৰীৰ গুৱাহাটীৰ সমীপৱৰ্তী ক্ষেত্ৰী আৰক্ষী চকীৰ অন্তৰ্গত ডেওলগুৰী গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা। ক্ষেত্ৰীৰ ডেওলগুৰী গাঁৱৰ লক্ষ্মী দাস নামৰ এগৰাকী মহিলাক পুত্ৰ সন্তানসহ ভোগপুৰ গাঁৱৰ ৰচিলা চাংমা আৰু শ্যামল যাদৱ নামৰ স্বামী স্ত্ৰীয়ে মিলি ৫ হাজাৰ টকাত উত্তৰ প্ৰদেশৰ মথুৰাত বিক্ৰী কৰে। জানিব পৰা মতে, ক্ষেত্ৰীৰ ভোগপুৰ গাঁৱৰ ৰচিলা চাংমা আৰু শ্যামল যাদৱ নামৰ স্বামী পত্নীয়ে উত্তৰ প্ৰদেশৰ মথুৰাৰ শ্বেৰসিং নামৰ এজন ব্যক্তিক ডেৰ মাহ পূৰ্বে মহিলা গৰাকীক পুত্ৰ সন্তানসহ বিক্ৰী কৰিছিল। ডেৰ মাহৰ পিছত দেওবাৰে শ্বেৰসিং নামৰ ব্যক্তি জনে মহিলা গৰাকীক পুত্ৰ সন্তানসহ ক্ষেত্ৰীস্থিত বাসগৃহলৈ থবলৈ আহোতে সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ লক্ষ্মী দাসে জানিবলৈ দিয়া মতে ডেৰ মাহ পূৰ্বে দিগাৰুস্থিত আলহীৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে ৰচিলা চাংমা আৰু শ্যামল যাদৱ নামৰ স্বামী স্ত্ৰীয়ে তাইক ৰেলত উঠাই উত্তৰ প্ৰদেশলৈ লৈ বিক্ৰী কৰিছিল। ক্ষেত্ৰী আৰক্ষীয়ে ৰচিলা চাংমা আৰু শ্যামল যাদৱ নামৰ স্বামী স্ত্ৰীক গেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।