পবিতৰা, সংবাদ ৩৬৫, ১৮ মাৰ্চ: দেওবাৰে পৰ্যটকৰ বাবে বন্ধ ৰখা হয় পবিতৰা অভয়াৰণ্য। গঁড় পিয়লিৰ বাবে বন বিভাগে দেওবাৰে পৰ্যটকৰ বাবে বন্ধ ৰাখে পবিতৰা অভয়াৰণ্য। বিশ্বৰ ভিতৰতে সীমিত বিচৰণভূমিত সৰ্বাধিক গঁড়ৰ বিচনস্থলী পবিতৰা অভয়াৰণ্যত বৰ্তমান কিমান সংখ্যক গঁড় আছে ওলিয়াবলে দেওবাৰৰ পৰা পবিতৰা অভয়াৰণ্যত আৰম্ভ হয় গঁড়ৰ গণনা। দেওবাৰে পুৱা ৬ বজাৰ পৰা বন বিভাগে পবিতৰাত গঁড়ৰ গণনা আৰম্ভ কৰে। পূৰ্বৰ পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে এইবেলি অতি আধূনিক আৰু ডিজিটেল প্ৰক্ৰিয়াৰে পবিতৰাত গড় গণনা আৰম্ভ কৰা হয়। পবিতৰা অভয়াৰণ্যখনক ৭টা ভাগত বিভক্ত কৰি গঁড় গণনা কৰা হয় যত নিয়োগ কৰা হয় প্ৰায় এশজন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বন বিশেষজ্ঞৰ লগতে বিদেশৰ পৰা অহা কেইজনমান বন্যপ্ৰাণী বিশেষজ্ঞ৷ পবিতৰাত গঁড় গণনাত উপস্থিত থাকে ডব্লিউডব্লিউএফ’ৰ ৪জন প্ৰতিনিধি আৰু দীৰ্ঘদিন ধৰি পৰিৱেশ আৰু বন্যপ্ৰাণীকলৈ কাম কৰি অহা বহুকেইটা স্থানীয় স্বেচ্চাসেৱী সংগঠন। পবিতৰাত ২০১২ চনত শেষবাৰৰ বাবে গঁড়ৰ গণনা হৈছিল আৰু সেইসময়ত অভ্যাৰণ্যখনত গঁড়ৰ সংখ্যা আছিল ৯৩টা৷ ২০১৮ বৰ্ষৰ গণনা পবিতৰাত বৃদ্ধি পাইছে গঁড়ৰ সংখ্যা। পবিতৰা ৯টা গঁড় বৃদ্ধি পাইছে আৰু বৰ্তমান পবিতৰাত গঁড়ৰ সংখ্যা ১০২। কাজিৰঙাত চোৰাং চিকাৰীৰ হাতত কেইবাটাও গঁড়ৰ মৃত্যু হোৱাৰ বিপৰীতে পবিতৰাত বিগত ছটা বছৰত প্ৰাকৃতিকভাৱে মাত্ৰ এটা গঁড়ৰ মৃত্যু হৈছে৷