ৰঙিয়া, ২৩ এপ্ৰিলঃ ৰঙিয়াত গঢ়়াখহনীয়াত আতংকিত ৰাইজ৷ চৰকাৰৰ গা এৰা মনোভাবৰ কাৰণে এতিয়া গঞা ৰাইজে আৰ্শীষ বিচাৰিছে নদী মাতৃৰ৷ বিগত কেইদিন ধৰি মুষলধাৰ বৰষুণত বৰলীয়া নদীৰ বাঢ়নি পানীয়ে তুলসীবাৰী অঞ্চলৰ ব্যাপক গঢ়াখহনীয়াৰ সৃষ্টি কৰিছে৷ বাঢ়নি পানীত স্থানীয় লোকৰ ঘৰ-বাৰী জাহ যোৱাৰ উপক্ৰম৷ পৰিবৰ্তনকামী চৰকাৰৰ পৰা স্থানীয় ৰাইজে প্ৰতিশ্ৰুতিৰ বাহিৰে কোনো সহযোগিতা লাভ কৰিব পৰা নাই৷ এনে পৰিস্থিতিত স্থানীয় ৰাইজে চৰকাৰৰ পৰিবৰ্তে এতিয়া ভগবানৰ ওচৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ সেয়ে আজি এই অঞ্চলটোৰ দুৰ্ভগীয়া পৰিয়াল সমূহে নদীৰ পাৰত চাকি-বন্তি জ্বলাই নৈবদ্য আগবঢ়ায়৷ তেওঁলোকে নদী দেৱতাক চৰকাৰ তথা জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰীক সুমতি দিয়াৰ কাৰণেও প্ৰাৰ্থনা কৰে৷ উল্লেখ্য যে, বৰলীয়া নৈৰ গঢ়াখহনীয়া ৰোধৰ কাৰণে বছৰি-বছৰি কোটি কোটি টকাৰ আৱন্টন দিয়া হয়৷ কিন্তু এই পুঁজিৰ সিংহভাগ চৰকাৰ তথা জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰ-ঠিকাদাৰে আত্মহাৎ কৰাত বৰলীয়া নদীৰ বাঢ়নি পানীয়ে তুলসীবাৰী অঞ্চলৰ ত্ৰাসৰ সৃষ্টি কৰিছে৷