গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মাৰ্চ : গিৰিজানন্দ চৌধুৰী প্ৰতিষ্ঠান গোষ্ঠীয়ে প্ৰত্যেক বছৰৰ দৰে এইবছৰো ‘ইউফুজিম ১৯’ অনুষ্ঠিত কৰিবলৈ যো-জা কৰিছে। এই উপলক্ষে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজি প্ৰতিষ্ঠানে অসম সাহিত্য সভা ভৱনত এখন সংবাদমেলৰ আয়োজন কৰে।
সংবাদমেলত তেওঁলোকে কয় যে এঘাৰ সংখ্যক ‘ ইউফুজিম ১৯’ৰ এইবাৰৰ মূল বিষয় হৈছে ‘এপ্ৰিভইচ’ অৰ্থাৎ জনতাৰ সংযোগ আৰু সংহতিৰে সহযাত্ৰা আৰু কৰ্মৰাজিৰ পাৰস্পৰিক আদান-প্ৰদান।
ইউফুজিম’ হৈছে এনে এটি অনুষ্ঠান যত ছাত্র-ছাত্ৰীসকলে তেওঁলোকৰ সুপ্ত প্ৰতিভা দেখুৱাব পাৰে। খেল-ধেমালি, নৃত্য-গীত,তৰ্ক আদিত পাৰদৰ্শিতা দেখুৱাব পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত’ ইউফুজিম’ এক মুক্ত মঞ্চ যত জি আই এম টি হৈছে উৰ্বৰ ক্ষেত্ৰ।
অহা ২৭ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই ‘ইউফুজিম’ । ‘ইউফুজিম’ৰ উন্মোচন কৰিব ডঃ অঞ্জনজ্যোতি চৌধুৰীয়ে। ‘ইউফুজিম’ৰ প্ৰথম দিনাৰ কার্যসূচীত থাকিব বিভিন্ন প্ৰতিযোগিতা লগতে সন্ধিয়াৰ বিশেষ আকৰ্ষণ সুৰঞ্জিত চৌধুৰীৰ দ্বাৰা পৰিবেশিত যাদু আৰু তেজপুৰীয়া থেপেচিয়া মন পৰশা অনুষ্ঠান।
আনহাতে, ইউফুজিমৰ দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত থাকিব গীত,কুইজ আদি প্ৰতিযোগিতাৰ লগতে নিশাৰ মুখ্য আকৰ্ষণ হ’ব ‘ গ্লিটাৰ্ছ অৰ্থাৎ ফেশ্যন শ্ব’ আৰু ৰূপম ভূঞাৰ ফিউজন ব্ৰেণ্ড ‘নৰ্থ ইষ্ট ব্ৰিজ’।
তৃতীয় অৰ্থাৎ ২৯ মাৰ্চত প্ৰতিযোগিতা সমূহৰ পুৰস্কাৰ বিতৰণৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত বিশেষ বিহু অনুষ্ঠান আৰু অষ্টম সন্মাষিক ছাত্ৰ-ছাত্ৰী সকলৰ বৰ্ণাঢ্য অনুষ্ঠান থাকিব।
তৃতীয় দিনাৰ নিশাৰ বিশেষ আকৰ্ষণ সকলোৰে হাৰ্ট থ্ৰ’ব ,জনপ্ৰিয় কণ্ঠশিল্পী জুবীন গাৰ্গ।