গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মাৰ্চ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল । সংবাদ মেলত বিজেপিক তীক্ষ্ণ সমালোচনা তৰুণ গগৈৰ।

সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্তব্য বিজেপিয়ে টিকট নিদি প্ৰমাণ কৰিলে নিজ সাংসদৰ ব্যৰ্থতাৰ কথা । শংকিত হৈ বিজেপিয়ে বহু সাংসদক দিয়া নাই প্ৰাৰ্থীত্ব। যিসকলে বিজেপিৰ বাবে ত্যাগ কৰিছিল, জন্ম লগ্নৰে পৰা বিজেপিত আছিল ,তেখেত সকলকে থকাসকলকে আজি পাহৰিলে।

সৰ্বানন্দ সোণোৱাল, হিমন্ত, চন্দ্ৰমোহন পাটোৱাৰীয়ে এইসকলে বিজেপি গঠন কৰা নাছিল । এইসকল আছিল দুই নম্বৰী বিজেপি । এই দুই নম্বৰী বিজেপিসকল আহি আজি লাঠ মাৰিলে এক নম্বৰৰ বিজেপিসকলক।

আজি আদৱানীৰ দৰে মানুহৰ বিজেপিত মূল্য নাই। কেৱল অসমতে নহয়, সমগ্ৰ দেশতে হৈছে বিজেপিৰ অন্তঃকন্দল ।টকা, ক্ষমতাৰ বলেৰে বিজেপিয়ে বহুতক নিছে নিজ দললৈ ।তাৰ ভিতৰত কেবা বিৰোধিতা কৰা নেতাও আছে ।

গুৱাহাটীত কনৰাড চাংমাৰ বৈঠকক লৈও সমালোচনা তৰুণ গগৈৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি হিৰো হৈছিল কনৰাড চাংমা, আজি ইউ টাৰ্ন মাৰিছে ।