গুৱাহাটী, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰীঃ দেওবাৰে পুৱা গুৱাহাটী ৰেল ষ্টেচনত ৰেল আৰক্ষীয়ে অভিযান চলাই এক কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰীসহ এজন লোকক আটক কৰে। ৰেল আৰক্ষীয়ে পুৱাৰ ৭.৪০ বজাত ৰেল আৰক্ষী বিষয়া উৎপল দাসৰ নেতৃত্বত অভিযান চলাই ১নং প্লেটফৰ্মৰ পৰা এজন লোকক নিচাজাতীয় সামগ্রী মৰ্ফিনসহ আটক কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে আটক কৰা লোকজন উজনি অসমৰ তিনিচুকীয়াৰ পৰা আহি গুৱাহাটীৰ পৰা ৰাজধানী এক্সপ্ৰেছৰ যোগে দিল্লী হৈ ৰাজস্থানলৈ যোৱাৰ চেষ্টা কৰি থাকোতে আৰক্ষীৰ অভিযানী ধৰা পৰে। আৰক্ষীয়ে আৰু জানিবলৈ দিয়ে যে আটক কৰা লোকজন ৰাজস্থানৰ কণৱাৰলাল দাঙি। উদ্ধাৰ হোৱা নিচাজাতীয় মৰ্ফিনখিনিৰ বজাৰ মূল্য প্ৰায় এক কোটি টকা মান হব পাৰে বুলি আৰক্ষীয়ে অনুমান কৰিছে।