নগাঁও, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ চামগুৰিত দেওবাৰে দুপৰীয়া সংঘটিত হয় এক দুৰ্ভাগ্যজনক ঘটনা। এজন আৰক্ষীৰ চাৰ্ভিছ পিষ্টলৰ পৰা উলিওৱা গুলীয়ে প্ৰাণ লয় এজন। চামগুৰি আৰক্ষী চকীৰ অন্তৰ্গত হেমাৰবৰিত গাঁৱৰ বাসিন্দা উৎপল বৰা গুৱাহাটীত এজন আৰক্ষী বিষয়ৰ ঘৰত দেহৰক্ষী হিচাপে কৰ্মৰত, দেওবাৰে উৎপল বৰাই নিজৰ চাৰ্ভিছ পিষ্টল ঘৰত লৈ আহিছিল। দুপৰীয়াৰ ভাগত উৎপলৰ ভতিজা উৎপলাৰ চাৰ্ভিছ পিষ্টলটোৰে খেলি থাকোতে হঠাৎ পিষ্টলটোৰ পৰা গুলী ওলাই উৎপলাৰ শাহুৱেক ৰূপৰেখা বৰাক লগত ঘটনাস্থলীতে ৰূপৰেখা বৰাৰ মৃত্যু হয়। বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।