গুৱাহাটী, সংবাদ ৩৬৫, ১৯ মে’ : গৃহভূমিত বক্সিং খেলিবলৈ পাই সুখী ভাৰতীয় বক্সাৰ তথা অসম সন্তান শিৱ থাপা । সৰুসজাইত ২০ মেৰ পৰা ২৪ মে লৈ অনুস্থিত হ’বলগীয়া ২য় ইণ্ডিয়া অ’পেন আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্টত অংশগ্ৰহন কৰিবলৈ আজি পুৱাই বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হয় ভাৰতীয় বক্সাৰ দলৰ খেলুৱৈৰ সৈতে অসম সন্তান শিৱ থাপা ।
সমুখত উৱৰ্ল্ড বক্সিঙ চেম্পীয়নশ্বিপ আৰু টকীঅ’ অলিম্পিক আছে যদিও গুৱাহাটীত অনুস্থিত হ’বলগীয়া ২য় ইণ্ডিয়া অ’পেন আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্ট খনত অধিক গুৰুত্ব প্ৰদান কৰিছে ভাৰতীয় বক্সাৰ শিৱ থাপাই ।
ইফালে নৱ প্ৰজন্মৰ বক্সাৰ সকলৰ এইখন হৈছে মঞ্চ আৰু ইয়াৰ পৰাই ভাৰতীয় বক্সিং খেলুৱৈ ওলাব বুলি বিমানবন্দৰত সাংবাদিকৰ আগত মন্তব্য কৰে শিৱ থাপাই ।