গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মে’ : অসমৰ জাতীয় জ্বলন্ত সমস্যা নিবনুৱা সমস্যা, বানপানী আৰু গৰাখহনীয়া,ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ চৰকাৰী, বেচৰকাৰী অফিচত ১০০ শতাংশ অসমীয়া ভাষাৰ ব্যৱহাৰ, কেন্দ্ৰীয় চৰকাৰৰ যিকোনো প্ৰতিষ্ঠানত ১০০ শতাংশ থলুৱা নিযুক্তি, ঠিকাত অসমৰ নিবনুৱাক প্ৰাধান্য দিয়া , অসমৰ খিলঞ্জীয়াৰ ভূমি অধিকাৰ সাব্যস্তকৰণ, সৰ্বস্তৰত হোৱা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ লগতে ৰাজনৈতিক হস্তক্ষেপ এইসমূহৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত গণতান্ত্ৰিকভাৱে আৰু প্ৰবলভাৱে প্ৰতিবাদ কৰি যাবলৈ বাধ্য বুলি এখন সংবাদমেলৰ জৰিয়তে ব্যক্ত কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ।

উল্লেখযোগ্য যে ২০০১ চনতে জন্মলাভ কৰা বৃহত্তৰ অসমীয়া যুৱ মঞ্চই জাতীয় সংগঠনৰ সুনিৰ্দিষ্ট সাংগঠনিক নীতি-আদৰ্শ আৰু লক্ষ্য সন্নিবিষ্ট সংগঠনৰ সংবিধানক সাৰোগত কৰি অসম ভূ-খণ্ডৰ বিভিন্ন জ্বলন্ত সমস্যাৰ সমাধানৰ লগতে জাতি-জনগোষ্ঠী আদিৰ লগত সমাজৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যপন্থাৰে মনোনিবেশ কৰি আহিছে ।

ইয়াৰোপৰি অসমীয়া ভাষাৰ সংৰক্ষণ আৰু ভাষাটোক ১৯৬০ চনৰ ৰাজ্য চৰকাৰৰ ভাষা আইনৰ ভিত্তিত অসমৰ সকলো চৰকাৰী-বেচৰকাৰী অফিচ-কাৰ্যালয়ত সম্পূৰ্ণভাৱে অসমীয়া ভাষা ব্যৱহাৰৰ বাবে দাবী উত্থাপন কৰি আহিছে আৰু এই দেৱীক চৰকাৰে গুৰুত্ব নিদিয়াত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে আৰু এই ক্ষেত্ৰত ২০১০ চনত সংগঠনটোৱে ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ঋষিকেশ ৰয় বিচাৰপীঠে অসমীয়া ভাষা আইনৰ সপক্ষে ৰায় দিয়ে যদিও ৰাজ্য চৰকাৰৰ ভাষা আইন প্ৰয়োগ বিভাগে অসমীয়া ভাষাটোৰ প্ৰয়োগৰ ক্ষেত্ৰত বাধ্যতামূলক কোনো ধৰণৰ অধিসূচনা জাৰি কৰা পৰিলক্ষিত নহল। ইয়াৰ বাবে দিছপুৰৰ পৰা দিল্লীৰ যন্তৰ মন্তৰলৈ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে আৰু ভৱিষ্যতেও অসমৰ জ্বলন্ত সমস্যা সমূহৰ বাবে গণতান্ত্ৰিকভাৱে প্ৰবল প্ৰতিবাদ কৰি যাব।