গুৱাহাটী
৩১ জুলাই
শুকুৰবাৰে গৃহভূমি আহি পালে শ্বহীদ প্ৰনয় কলিতাৰ নশ্বৰদেহ। বৰঝাৰ বিমান বন্দৰত সামৰিক মৰ্যাদা প্ৰদান কৰা হ’ল শ্বহীদ গৰাকীক।
গৃহভূমিত উপস্থিত হ’ল মণিপুৰত শ্বহীদ হোৱা পাঠশালাৰ প্ৰণয় কলিতাৰ নশ্বৰ দেহ। শুকুৰবাৰে এয়াৰ এছিয়াৰ বিশেষ বিমানেৰে মণিপুৰৰ পৰা বৰঝাৰ বিমান বন্দৰ লৈ অনা হয় প্ৰনয় কলিতাৰ নশ্বৰদেহ। বিমান বন্দৰত আৰক্ষী আয়ুক্ত মুন্ন প্ৰসাদ গুপ্তা, চি আই এছ এফৰ কামাণ্ডেন লালমোহন ঠাকুৰৰ লগতে বিমান বন্দৰ কৰ্তৃপক্ষ আৰু আৰক্ষীৰ লোকে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে শ্বহীদ গৰাকীক। শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ পিছতে এম্বুলেন্সেৰে বীৰ শ্বহীদ গৰাকীৰ নশ্বৰদেহ নিজগৃহ পাঠশালালৈ লৈ যোৱা হয়। বিমান বন্দৰতে সামৰিক মৰ্যাদা প্ৰদান কৰা হয় শ্বহীদ গৰাকীক। উল্লেখ্য যে মণিপুৰত বুধবাৰে নিশা অসম ৰাইফলছৰ জোৱানৰ ওপৰত উগ্ৰপন্থীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ। মণিপুৰৰ চান্দেলত ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত অসম ৰাইফলছৰ জোৱানৰ ওপৰত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। আক্ৰমনত শ্বহীদ হৈছিল ৩ জনকৈ অসম ৰাইফলছৰ যোৱান।
ইতিমধ্যে মণিপুৰৰ চান্দেলত সংঘটিত এই ভয়ংকৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা (স্বাধীন)য়ে। অন্য উগ্ৰপন্থী সংগঠনৰ লগত আলফা (স্বাধীন)য়ে যুক্তভাৱে আক্ৰমণ চলাইছে বুলিও জানিব পৰা গৈছে। বৰঝাৰ বিমান বন্দৰৰত সামৰিক মৰ্যাদা প্ৰদানৰ পিছতে শ্বহীদ জোৱান গৰাকীক পাঠশালালৈ নিয়া হয়।