বৰপেটা

৩১ জুলাই

বাণিজ্য নগৰী বৰপেটাৰোডস্থিত বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা হায়াত ফাউণ্ডেশ্বন, অসমৰ প্ৰসংশনীয় পদক্ষেপ। পবিত্ৰ ঈদৰ প্ৰাকক্ষণত নামনি অসমৰ বৰপেটা আৰু বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত অতিকৈ দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় হৈছে সংস্থাটোৱে।

মহামাৰী কৰ’ণা ভাইৰাছৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো দীৰ্ঘদিন ধৰি চলা লকডাউন আৰু শেহতীয়াকৈ হোৱা বানপানীয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক। এনে দুৰ্যোগৰ মাজতে আগমন ঘটিছে ইছলাম ধৰ্মী সকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ ঈদ-উল্-আজহা। পবিত্ৰ ঈদৰ উৎসৱটোত যাতে কোনো এটা দৰিদ্ৰ পৰিয়ালে অনাহাৰে নাথাকি তৃপ্তিৰে এসাঁজ খাব পাৰে তাৰ  বাবে হায়াত ফাউণ্ডেশ্বন, অসমে খাদ্য সামগ্ৰী বিতৰণৰ কাৰ্যসূচী হাতত লৈছে। সংগঠনটোৰ এই পদক্ষেপে বৰপেটা আৰু বাক্সা জিলাৰ দুই শতাধিক দৰিদ্ৰ পৰিয়ালৰ প্ৰায় ৬০০ গৰাকী ব্যক্তিক সাঙুৰি লৈছে। খাদ্য সামগ্ৰী বিতৰণ কৰাৰ উপৰিও বানপানী আৰু গৰাখহনীয়াই সৰ্বস্ব কাঢ়ি লৈ যোৱা কেইটামান পৰিয়ালক নগদ আৰ্থিক সাহাৰ্য্যও আগবঢ়াইছে বুলিও হায়াত ফাউণ্ডেশ্বনৰ সঞ্চালক শাকিল আহমেদে জানিবলৈ দিয়ে। মানৱ সেৱাৰ এই মহান কাৰ্যত সংগঠনটোৰ ৫০ জনতকৈ অধিক স্বেচ্ছাসেৱকে সেৱা আগবঢ়াই আছে বুলি সংগঠনটোৰ অন্যতম স্বেচ্ছাসেৱক মোঃ আমিনুৰ ৰহমানে জানিবলৈ দিয়ে।

হায়াত ফাউণ্ডেশ্বনৰ প্ৰসাশনিক বিষয়া ক্ৰমে সাহাদত হুছেইন আৰু আমিনুল হকে জানিবলৈ দিয়ে যে, হায়াত ফাউণ্ডেশ্বনে অতিশীঘ্ৰে বানপীড়িত বিভিন্ন অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰৰো আয়োজন কৰিব। ঈদৰ প্ৰাক মুহুৰ্তত হায়াত ফাউণ্ডেছন, অসমে খাদ্য সামগ্ৰী বিতৰণ কৰা এই কাৰ্যক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।