গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ অসম সাহিত্য সভাৰ এশ বছৰীয়া পৰিক্ৰমা গ্ৰন্থৰূপত। অহা ৬ এপ্ৰিল ২০১৮ত উন্মোচন কৰা হ’ব অসম সাহিত্য সভাই প্ৰকাশ কৰা ‘অসম সাহিত্য সভাৰ ইতিহাস’ৰ প্ৰথম খণ্ড। অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় চৌহদত থকা জয়ন্ত কুমাৰ লক্ষ্মী বৰুৱা সদনত শুকুৰবাৰে বিয়লি ৫ বজাত উন্মোচন কৰা হ’ব সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডঃ বসন্ত কুমাৰ গোস্বামীয়ে প্রণয়ন কৰা গ্ৰন্থখন। গ্ৰন্থখন নুমলীগড় শোধনাগাৰ লিমিটেডৰ আৰ্থিক সাহায্যত প্ৰকাশ কৰা হৈছে। সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সভাৰ প্ৰাক্তন সভাপতি, প্ৰথিতযশা কথা সাহিত্যিক হোমেন বৰগোহাঞি। সভাত প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰা, নুমলীগড় শোধনাগাৰ লিমিটেডৰ সঞ্চালক সৌমেন্দ্ৰকুমাৰ বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।
