ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২ এপ্ৰিল: থলুৱা নিযুক্তিৰ দাবীত সোমবাৰে ডিগবৈ শোধনাগাৰ বন্ধ কৰে স্থানীয় ২২ টা সংগঠনৰ দ্বাৰা গঠিত বৃহত্তৰ ডিগবৈ ঐক্য মঞ্চই৷ সোমবাৰে পুৱা ৫ বজাৰ পৰা শোধনাগাৰৰ সকলো প্ৰবেশ দ্বাৰ বন্ধ কৰি শতাধিক প্ৰতিবাদকাৰীয়ে পৰিবেশ উত্তাল কৰি তোলাৰ ফলত শোধনাগাৰৰ ভিতৰত এজনো বিষয়া কৰ্মচাৰীয়ে প্ৰৱেশ কৰিব নোৱাৰা হৈ পৰে। শোধনাগাৰৰ সকলো প্ৰবেশ দ্বাৰ বন্ধ কৰি দিয়াৰ ফলত নিশা কৰ্তব্য পালন কৰা কৰ্মচাৰীয়ো বাহিৰলৈ ওলাব নোৱাৰাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে৷ আৰক্ষী, চিআৰপি আৰু ঔদ্যগীক সুৰক্ষা বাহিনীয়ে শোধনাগাৰৰ চাৰিওফালে সষ্ট্ৰম হৈ পৰে। ঠিকাভিত্তীত স্থায়ী অস্থায়ী পদত ডিগবৈ অঞ্চলৰ যুৱকক নিযুক্তি প্ৰদান কৰা আৰু ২০০৮ ৰ পৰা শোধনাগাৰত কাম কৰি থকা বাহিৰা লোকসকলক উলিয়াই স্থানীয় নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰাৰ দাবী জনায় প্ৰতিবাদীকাৰী সকলে।