সোণতলী, ২০ জুনঃ দক্ষিণ কামৰূপৰ ছয়গাওঁ বিধান সভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী উন্নয়ন খণ্ডত সংঘটিত হোৱা ৫৭ কোটি টকীয়া কেলেংকাৰীৰ পিছত এইবাৰ উন্মোচিত হৈছে বিধায়ক পুঁজিৰে সংঘটিত আন এক ২০ কোটি টকাৰ কেলেংকাৰীৰ৷ ছয়গাওঁ বিধানসভা সমষ্টিৰ বিধায়ক পুঁজিৰ ২০ কোটি টকা সমষ্টিটোৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে আত্মসাৎ কৰাৰ অভিযোগ তুলিছে আৰটিআই কৰ্মী নুৰ ইছলামে৷ সমষ্টিৰটোৰ উন্নয়নৰ নামত চৰকাৰে অৱন্টন দিয়া ২০ কোটি টকা কোনো আঁচনিৰ নামত খৰচ নকৰি গো-গ্ৰাসে গিলিছে সমুদায় ধন ৷ তথ্য জনাৰ অধিকাৰ আইনৰ কাষ চপাৰ পিছত এই অভিযোগ কৰিছে গৰৈমাৰীৰ আৰটিআই কৰ্মী নুৰ ইছলামৰ। অভিযোগ অনুহৰি বিগত ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ছয়গাওঁ সমষ্টিৰ বিধায়ক পুঁজিৰ ৰূপায়নৰ পৰিবৰ্তে সংঘটিত হৈছে এই ভয়ানক অনিয়মৰ৷ গৰৈমাৰী উন্নয়ন খণ্ডত শৌচালয়, সভাঘৰ, বাট-পথ নিৰ্মান, বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মান আদি আঁচনিৰ নামত ধন আত্মসাৎ কৰাৰ উপৰি নামঘৰ, মোক্তাৱ, মাদ্ৰাছা আদিকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ ধনো হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বিধায়ক ৰেকিবুদ্দিনৰ বিৰুদ্ধে ৷ এই সম্পৰ্কত নুৰ ইছলামে ছয়মাহ পূৰ্বে কামৰূপৰ উপায়ুক্ত বিনোদ চেছানৰ কাষ চাপিও কোনো সুফল পোৱা নাই ৷ উপায়ন্তৰ হৈ নুৰ ইছলামে ইতিমধ্যে কাষ চাপিছে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাৰ।