কলগাছিয়া

৪ ছেপ্টেম্বৰ

চাৰি মাহত গৃহহীন হ’ল ৯১২ টাকৈ পৰিয়াল। বাঘবৰ সমষ্টিৰ মইনবড়িত গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰাত নদীৰ বুকুত জাহ গ’ল ৯১২ টাকৈ পৰিয়ালৰ বাসগৃহ। গৃহহীন লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন সাংসদ আব্দুল খালেক আৰু বিধায়ক শ্বেৰমান আলী।

ব্ৰহ্মপুত্ৰ আৰু বেঁকী নৈৰ সংগমস্থলী ঐতিহাসিক মইনবড়িত এফালে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু আনফালে বলিয়া বেঁকী নৈৰ যৌথ শক্তিয়ে বিগত এটা মাহ ধৰি চলাই গৈছে ভয়ংকৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰ আৰু বলিয়া বেঁকী নৈৰ গৰা খহনীয়াৰ তাণ্ডৱৰ ফলত বিগত চাৰিটা মাহত অঞ্চলটোৰ ৯১২ টাকৈ পৰিয়ালৰ ঘৰ-মাটি-ভেঁটি জাহ গৈছে বেঁকী আৰু ব্ৰহ্মপুত্ৰৰ বুকুত। গৰাখহনীয়াৰ তাণ্ডৱৰ ফলত গৃহহীন হৈ পৰা খহনীয়া পীড়িত সকলৰ মাজত এতিয়া সৃষ্টি হৈছে এক অৱৰ্ণনীয় পৰিৱেশৰ। দুখ-দুৰ্গতিৰ সীমা চেৰাই গৈছে এই পৰিয়াল কেইটাৰ। মহামাৰী কভিড-১৯ আৰু লকডাউনৰ মাজতে চাৰিবাৰকৈ অহা ভয়াবহ বানপানীৰ কৱলত পৰি সৰ্বহাৰা হোৱা মইনবড়ি অঞ্চলৰ নৈ পৰিয়া ৰাইজৰ এতিয়া নিন্দ্ৰা হৰণ কৰিছে বেঁকী, মানাহ আৰু ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াই। ইয়াৰ পিছতো সম্পূৰ্ণৰূপে কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ আছে বৰপেটা লোকসভা সমষ্টিৰ বহুবল্কী সাংসদ আব্দুল খালেক আৰু বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমদে। গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত সাংসদ আৰু বিধায়ক গৰাকীৰ ভূমিকালৈ নৈপৰিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে ক্ষোভ।

কালৰূপী খহনীয়াৰ তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ নিৰুপাই হৈ নিজৰ অৱশিষ্ট ঘৰ দুৱাৰ আতৰাই নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰিবলৈ হাতে কামে ব্যাস্ত হৈ পৰিছে বহু পৰিয়াল। ইতিমধ্যে ব্ৰহ্মপুত্ৰ আৰু বেঁকী নৈৰ গৰাখহনীয়াৰ ফলত ঘৰ, ভেঁটি হেৰুৱাই গৃহহীন হোৱা লোক সকলক চিনাক্ত কৰি ক্ষতিপূৰণৰ লগতে পুনৰসংস্থাপনৰ দাবী জনাইছে ৰাইজে।