শোণিতপু

৫ ছেপ্টেম্বৰ

চাহ শ্ৰমিক মজুৰি বৃদ্ধি সংগ্ৰাম সমিতিয়ে অহা ৩০ ছেপ্টেম্বৰত চাহ বাগিচাত ১২ ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত চাহ শ্ৰমিক মজুৰি বৃদ্ধি সংগ্ৰাম সমিতিয়ে ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে।

বিজেপি চৰকাৰে চাহ শ্ৰমিকক প্ৰতাৰনা কৰিছে, অসমৰ চাহ বাগিচাত এশখন মডেল স্কুলৰ কাম আজিও নহ’ল বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি চাহ শ্ৰমিক মজুৰি বৃদ্ধি সংগ্ৰাম সমিতিয়ে অহা ৩০ ছেপ্টেম্বৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত চাহ বাগিচাত ১২ ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়নৰ ঘোষণা কৰিছে। শুক্ৰবাৰে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত এক সংবাদমেল অনুষ্ঠিত কৰি চাহ শ্ৰমিক মজুৰি বৃদ্ধি সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক বিবেক দাসে চাহ বাগিচাৰ শ্ৰমিক সকলক বিজেপি চৰকাৰে প্ৰৱঞ্চনা কৰা বুলি অভিযোগ কৰি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। শ্ৰমিক নেতা গৰাকীয়ে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি বিজেপি দল ক্ষমতালৈ অহাৰ পিছত আজিও ৰূপায়ণ নকৰিলে বুলি ক্ষোভৰে ব্যক্ত কৰাৰ লগতে চাহ বাগিচা এলেকাত প্ৰসূতিৰ মৃত্যুৰ হাৰ বহু বেছি বুলি ব্যক্ত কৰি ৰাজ্যৰ চাহ বাগিচা সমূহৰ স্বাস্থ্য ব্যৱস্থাৰো সমালোচনা কৰে।

ইফালে চাহ বাগিচা এলেকাত ৰাজ্য চৰকাৰে এশখন মডেল স্কুল স্থাপন কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত আজিও কাৰ্যকাৰী নহ’ল বুলি বিজেপি নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধিৰ দাবীত ৩০ ছেপ্টেম্বৰত ১২ ঘন্টীয়া ধৰ্মঘটৰ কথা ঘোষণা কৰে। সংবাদমেলখনত যৌথ সংগ্ৰাম সমিতিৰ ৭ টা সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকে।