ছয়গাঁও

১১ আগষ্ট

ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ঘোঁৰামাৰা পথাৰৰ পৰা সোমবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে৷ আটকাধীন লোকজন ঘোঁৰামাৰা পথাৰৰ আবু তালেবউদ্দিনৰ পুত্ৰ খবিৰুদ্দিন৷

জানিব পৰামতে খবিৰুদ্দিন নামৰ লোকজনে দীৰ্ঘদিন ধৰি বৃহত্তৰ গৰৈমাৰীকে ধৰি ঘোঁৰামাৰা অঞ্চলত ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আছিল৷ ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰাৰ বাবে সোমবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত তথা উপ-পৰিদৰ্শক সুমন্ত বৰ্মন আৰু সহকাৰী উপ-পৰিদৰ্শক বিপুল ডেকাৰ সৈতে যোৱা এটি বৃহৎ আৰক্ষীৰ দলে এক অভিযান চলাই খবিৰুদ্দিন নামৰ লোকজনক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে৷

ড্ৰাগছ ব্যৱসায়ী খবিৰুদ্দিনক ছয়গাঁও আৰক্ষীয়ে মঙলবাৰে আদালতত হাজিৰ কৰাত আদালতে খবিৰুদ্দিনক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে। ছয়গাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই খবিৰুদ্দিন নামৰ ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰিবলৈ সক্ষম হোৱাত ছয়গাঁও আৰক্ষীৰ বৃহৎ সফলতা বুলি অভিহিত কৰিছে অঞ্চলবাসীয়ে।