আনোৱাৰ হুছেইন

গৰৈমাৰী

১১ আগষ্ট

ৰাজ্যৰ প্রান্তে প্রান্তে অব্যাহত আছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱৰ গ্ৰেপ্তাৰৰ দাবী। শিলাদিত্য দেৱৰ গ্ৰেপ্তাৰৰ দাবীত ছয়গাঁৱত উত্তাল প্ৰতিবাদ। শিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি দাহ কৰি আমছুৰ প্ৰতিবাদ।

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি বিতৰ্কিত মন্তব্য কৰি বিপাঙত হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱ। স্বনামধন্য সাহিত্যক গৰাকীকলৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছৰে পৰা বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠন। এইবাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ চমুকৈ আমছু হোজাইৰ বিধায়ক গৰাকীৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে। বিধায়ক শিলাদিত্য দেৱৰ গ্ৰেপ্তাৰৰ দাবীত মঙলবাৰে দক্ষিণ কামৰূপ জিলা আমছুৰ উদ্যোগত ছয়গাঁৱৰ চাম্পুপাৰা বজাৰত বিধায়ক গৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি শিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি দাহ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক আবুল কালাম আজাদ, দক্ষিণ কামৰূপ জিলা আমছুৰ সভাপতি ইমদাদ হুছেইন, আমছু নেতা ৰহুল আমিন, ইমৰান হুছেইনকে ধৰি কেইবাজনো আমছুৰ কৰ্মী উপস্থিত থাকে।