জনীয়া, সংবাদ ৩৬৫, ১৯ নৱেম্বৰ: বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জনীয়াৰ বাংলীপাৰাত দেওবাৰে নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। বাংলীপাৰা গাঁৱৰ আবু বক্কাৰৰ পুত্ৰ আব্দুছ ছবুৰে (৪২) নিশা ঘৰলৈ অহাৰ পথত ঘৰৰ পৰা আধা কিলোমিটাৰ দূৰত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই ডেগাৰেৰে ঘপিয়াই হত্যা কৰি নিৰ্জন ঠাইত ছবুৰৰ মৃতদেহ পেলাই থৈ যায়। পাছত সোমবাৰে ৰাতিপুৱা আব্দুছ ছবুৰৰ মৃতদেহ তেজেৰে লুতুৰী পুতুৰী হৈ থকা অৱস্থাত তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰা হয় যদিও কিন্তু কোনে কি কাৰণত হত্যা কৰিলে তাৰ সন্দৰ্ভত বৰ্তমানলৈ একো জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই অঞ্চলব্যাপী শোকৰ ছাঁ বিৰাজ কৰছে। ৰাইজে অতি শীঘ্ৰেই অপৰাধীক কৰায়ত্ত কৰিবলৈ দাবী উত্থাপন কৰিছে।
