বিজয়নগৰ, সংবাদ ৩৬৫, ১৯ নৱেম্বৰ: বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ চৌদিশে উত্তাল প্ৰতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তে সোমবাৰে দক্ষিণ কামৰূপৰ ব্যৱসায়ৰ মূল কেন্দ্ৰ বিজয়নগৰত কামৰূপ জিলা নিবনুৱা পৰিষদ সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অতিশীঘ্ৰে বিধেয়কখন বাতিলৰ দাবী জনাই। অসম চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল হায় হায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে বিজয়নগৰৰ ৰাজপথ ।