মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁওই

২ অক্টোবৰ

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি গোসাইগাঁৱত ইউ পি পি এলৰ জৱ কাৰ্ড কেলেংকাৰীৰ তদন্তৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসুচী। গোসাইগাঁও চহৰৰ গোসাইগাঁও ৰাজহ চক্ৰ কাৰ্যালয় প্ৰাংগণত ইউ পি পি এলৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত অৱস্থান ধৰ্মঘট কাৰ্যসুচীত অংশ গ্ৰহন কৰে কেইবা শতাধিক ইউ পি পি এলৰ নেতা-কর্মী।

ইউ পি পি এলৰ নেতা-কর্মী সকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ জব কাৰ্ডৰ দুৰ্নীতি বন্ধ কৰক, দুৰ্নীতিত জড়িত বি ডি অ মুৰ্দাবাদ,জি আৰ এছক গ্ৰেপ্তাৰ কৰক, বছৰি জব কাৰ্ডৰ কুৰি হাজাৰ টকা সম্পূৰ্ণ কৈ ঘূৰাই দিয়ক, দুৰ্নিতী বন্ধ কৰক, জব কাৰ্ডৰ দুৰ্নীতিৰ চি বি আই তদন্ত দিয়ক আদি শ্ল’গানেৰে ধৰ্মঘটস্থলী উত্তাল কৰি তোলে৷ ইউ পি পি এলৰ সংখ্যালঘূ কোষৰ সাধাৰণ সম্পাদক নূৰ হাছান আনছাৰীয়ে কয় যে ২০১৮-১৯, ২০১৯-২০ আৰু ২০২০-২১ বিত্তীয় বৰ্ষত বিটিএডিৰ কোকৰাঝাৰ, চিৰাং, বাগছা আৰু ওদালগুৰি জিলাত ৬৫০ কোটি টকা এম জি এনৰেগা আচনিত দিয়া হৈছিল যদিও এই ধনৰ সামান্য এটা অংশও হিতাধিকাৰী সকলে লাভ কৰা নাই। নূৰ হাছান আনছাৰীয়ে জব কাৰ্ড কেলেংকাৰীৰ তদন্ত চি বি আইক প্ৰদান কৰাৰ বাবেও দাবী জনায়৷ গোসাইগাঁও চহৰতো বহু আচনিৰ কাম হোৱা নাই বুলিও নূৰ হাছান আনছাৰীয়ে সদৰী কৰে।

কাৰ্যসুচীৰ অন্তত ইউ পি পি এলৰ গোসাইগাঁও জিলা সমিতিৰ সভাপতি জিৰণ বসুমতাৰী আৰু সাধাৰণ সম্পাদক প্ৰফুল্ল ইছলাৰীয়ে স্বাক্ষৰ কৰা এখন স্মাৰক পত্ৰ মহকুমাধিপতিৰ জড়িয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ ৰাজ্যপাললৈ প্ৰদান কৰে৷ ইউ পি পিএল দলে অনুৰূপ কাৰ্যসূচী শ্ৰীৰামপুৰ বজাৰ আৰু কচুগাঁও উন্নয়ন খণ্ডৰ কাৰ্যলয়ৰ সন্মুখত ৰূপায়ণ কৰে৷