ছৰফৰাজ খান

গুৱাহাটী

২ অক্টোবৰ

মহানগৰী গুৱাহাটী মাজমজিয়াত পুনৰ চিনলী চোৰ লুটি নিলে টকাৰ বেগ। এগৰাকী মহিলাক চলন্ত বাইকৰ পৰা পেলাই চিলনী চোৰে লুটি নিলে ৪ লাখ টকা। গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বাইকৰ পৰা পৰি যোৱা মহিলা গৰাকী।

বৃহস্পতিবাৰে ৰাজধানী দিছপুৰৰ অন্তৰ্গত জতীয়াস্থিত ষ্টেট বেংকৰ পৰা ৪ লাখ টকা উলিয়াই ভাতৃৰ সৈতে বাইকেৰে আহি থাকোতে এগৰাকী মহিলাৰ পৰা চিলনী চোৰে লুটি নিলে সমগ্ৰ টকা। জতীয়া ষ্টেট বেংকৰ পৰা টকা উলিয়াই বাইকেৰ পিছফালে বহি আহি থকা অৱস্থাত দুজন যুৱক বাইকেৰে আহি মহিলা গৰাকী গৈ থকা বাইকৰ পৰা মহিলা গৰাকীক পেলাই টকাৰ বেগলৈ পলায়ন কৰে।

কাহিলিপাৰাৰ দক্ষিণগাঁৱৰ সুৰীয়া বেগম নামৰ মহিলা গৰাকী বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত ভাতৃৰ সৈতে জতীয়স্থিত ষ্টেট বেংকত টকা উলিয়াবলৈ গৈছিল। বেংকৰ পৰাই মহিলা গৰাকীক এজন যুৱকে লক্ষ্য কৰি আছিল আছিল। পৰৱৰ্তী সময়ত মহিলা সুৰীয়া বেগম জতীয়ৰ ষ্টেট বেংকৰ পৰা ৪ লাখ টকা লৈ বাইকেৰে দক্ষিণগাঁওলৈ আহি থকা অৱস্থাত জ্যোতিচিত্ৰ বনৰ সন্মুখত দুজন যুৱক মহিলা গৰাকীৰ হাতৰ পৰা টকাৰ বেক কাঢ়ি‌ লৈ যায়।

বাইকেৰে অহা চিলনী চোৰ দুজনে মহিলা গৰাকীৰ হাতৰ পৰা টকাৰ বেগ কাঢ়ি‌ নিবলৈ চেষ্টা কৰোতে মহিলা গৰাকী চলন্ত বাইকৰ পৰা তলত পৰি যায় মহিলা গৰাকী গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনা সংক্ৰান্তত মহিলা গৰাকীয়ে ভগদত্তপুৰ আৰক্ষীৰ চকীত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে মহিলা গৰাকীৰ গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।