আমিনগাঁও

৩১ ডিচেম্বৰ

জলসিঞ্চন বিভাগৰ কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে নিযুক্তিপত্র। আত্মনিৰ্ভৰ ভাৰত অভিযান বাস্তৱায়িত কৰাৰ দিশত ৰাজ্যৰ কৃষক সমাজক আত্মনিয়ােগ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান।

মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে প্রধানমন্ত্রী কৃষি সিঞ্চাই যােজনাৰ অধীনত ৰাজ্যত ৰূপায়িত হােৱা কেইবাটাও জলসিঞ্চন প্রকল্প বুধবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। কামৰূপ জিলাৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগে আয়ােজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে গুৱাহাটীৰ বেতকুছিত নির্মাণ কৰিবলগীয়া বিভাগৰ এটা কেন্দ্রীয় গৱেষণাগাৰ, এটা সভাগৃহ আৰু অতিথিশালাৰৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে লগতে জলসিঞ্চন বিভাগৰ নতুনকৈ নিযুক্তিপ্রাপ্ত ৩৯৭ গৰাকী ক্ষেত্রীয় সহায়কৰ মাজৰে ৬ গৰাকীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্র প্রদান কৰে।

উল্লেখ্য যে প্রধানমন্ত্রী কৃষি সিঞ্চাই যােজনাৰ অধীনত ৰাজ্যৰ ৩৫,৭৯৩ গৰাকী কৃষকৰ মাজত ৯৬৯৯ টা পাম্প বিতৰণ কৰা হ’ব। ৫৩৯.০৫ কোটি টকা ব্যয়ৰে ৰূপায়ণ কৰিবলগীয়া এই যােজনাই ৰাজ্যৰ ৩ লাখ বিঘা কৃষি ভূমি উপকৃত কৰিব। এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সােণোৱালে দেশৰ কৃষি খণ্ডৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে কৃষক সকলৰ উপার্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে ৰূপায়ণ কৰি অহা বিভিন্ন আঁচনি সম্পর্কে আলােকপাত কৰে। মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে প্রধানমন্ত্রী কৃষি সিঞ্চাই যােজনা, চয়েল হেলথ কার্ড, প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ অধীনত কৃষকসকলক প্রদান কৰা ৫ হাজাৰ টকাৰ অনুদান, কে চি চিৰ অধীনত কৃষকলৈ আগবঢ়োৱা ১০ হাজাৰ টকাৰ ৰাজসাহায্য আদিকে ধৰি আন আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্রীয় চৰকাৰৰ এই আঁচনিসমুহে কৃষিখণ্ডৰ উৎপাদন দ্রুত গতিত বৃদ্ধি কৰাৰ লগতে কৃষকসকলকো নিজৰ উপার্জন বৃদ্ধি কৰিবলৈ সুযােগ দিছে।

মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে কৃষকসকলক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ উপযুক্ত সুযােগ গ্রহণ কৰি আত্মনিৰ্ভৰ ভাৰত অভিযান বাস্তবায়িত কৰি তােলাৰ দিশত আত্মনিয়ােগ কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে বর্তমানৰ অসম চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ ৪৮ লাখ কৃষক পৰিয়ালক কৃষিখণ্ডৰ উৎপাদন বৃদ্ধিৰ বাবে সহায়-সহযােগিতা আগবঢ়োৱা হৈছে। ২০১৬ চনত চৰকাৰ গঠন কৰাৰ সময়ত অসমবাসীক দিয়া প্রতিশ্রুতিসমূহ পূৰণৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰখন বহুলাংশে সফল হৈছে বুলি মুখ্যমন্ত্রী সােণােৱালে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এখন দুর্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্রাসবাদ মুক্ত আৰু প্ৰদূষণমুক্ত অসম গঢ়াৰ বাবে ৰাজ্য চৰকাৰে নিষ্ঠাৰে লােৱা পদক্ষেপসমূহে এই দিশত সফলতা কঢ়িয়াই আনিছে।

ৰাজ্যত চিৰস্থায়ী শান্তি প্রতিষ্ঠাৰ দিশত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে ইতিমধ্যে বৃহৎ সংখ্যক উগ্রপন্থীয়ে হিংসাৰ পথ পৰিহাৰ কৰি মুল সুতিলৈ ওভতি আহিছে। ৰাজ্যিক লােকসেৱা আয়ােগৰ সংস্কাৰকে ধৰি নিযুক্তি সংক্রান্তীয় পৰীক্ষাসমূহ নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰিবলৈ সক্ষম হােৱাৰ ফলত মেধাৰ ভিত্তিত ৰাজ্যৰ যুৱক-যুৱতীসকলে কর্ম সংস্থাপনৰ সুযােগ লাভ কৰিবলৈ আজি সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অসমৰ গৌৰৱ এশিঙীয়া গড়ৰ চোৰাং চিকাৰ ৰােধ কৰাৰ বাবে ৰাজ্য চৰকাৰে লােৱা পদক্ষেপৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি আন উদ্যান আৰু অভয়াৰণ্যসমুহৰ বন্যপ্রাণী সমুহ আজি সুৰক্ষিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধি কৰিবলৈ বিগত সময়ছােৱাত ৮.৫০ কোটি গছপুলি অসম চৰকাৰে ৰােপণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে ফৰেষ্ট ছার্ভে অৱ ইণ্ডিয়াৰ প্রতিবেদনত শেহতীয়াকৈ ৰাজ্যৰ সেউজ আৱৰণ ২২২ বর্গ কিঃমিঃ বৃদ্ধি হৈছে বুলি প্ৰকাশ পাইছে।

ৰাজ্যত ঔদ্যোগীকৰণৰ ইতিবাচক পৰিৱেশ গঢ়াৰ বাবে ২০১৮ বৰ্ষত আয়ােজন কৰা বিশ্ব বিনিয়ােগ সন্মিলনৰ ফলশ্ৰুতিত ৭৯ হাজাৰ কোটিৰ বুজাবুজিৰ চুক্তিপত্র স্বাক্ষৰ হােৱাৰ বিপৰীতে ইতিমধ্যে প্রায় ৫০ হাজাৰ কোটিৰ বিনিয়ােগ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ ফলত শেহতীয়াকৈ ৰাজ্যত ন ন উদ্যোগ গঢ়ি উঠিছে আৰু কর্ম সংস্থাপনৰ সুযােগ মুকলি হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে ভাৰত-বাংলা সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ বাবে লােৱা পদক্ষেপ কথাও ভাষণ প্রসংগত উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ইজৰাইলৰ প্রযুক্তিৰে ৰূপায়ণ কৰা প্ৰকল্পৰ জৰিয়তে নদী সীমান্তৰ ৪৮ কিঃমিঃ সুৰক্ষিত কৰা হৈছে। বৰ্তমানৰ অসম চৰকাৰে এক্ট ইষ্ট পলিচিৰ উপযুক্ত ব্যৱহাৰেৰে অসমক দক্ষিণ-পূর্ব এছিয়াৰ দুৱাৰমুখ ৰূপে গঢ়ি তােলাৰ দিশত বহুদূৰ সফলতাৰে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। বৰ্তমানৰ ইতিবাচক পৰিস্থিতিৰ সুযােগ লৈ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ বজাৰ দখল কৰাৰ বাবে ৰাজ্যৰ কৃষকসকলৰ প্ৰতি মুখ্যমন্ত্রী সােণােৱালে আহ্বান জনায়।

ৰাজ্যৰ থলুৱা জাতি-জনগােষ্ঠীৰ জাটি-মাটি-ভেটিৰ লগতে ভাষা, কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষাৰ বাবে অসম চৰকাৰৰ দায়বদ্ধতাৰ কথা মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে দোহাৰে। বিগত চাৰে চাৰি বছৰে ৰাজ্যবাসীয়ে আগবঢ়াই অহা অকুণ্ঠ সহায়-সহযােগিতাৰ বাবে মুখ্যমন্ত্ৰীয়ে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কয় যে এই সহযােগিতাৰ বাবেই ৰাজ্যত চৰকাৰে গ্ৰহণ কৰা প্রকল্পসমূহৰ দ্রুত ৰূপায়ণ সম্ভৱ হৈ উঠিছে। এই অনুষ্ঠানত জলসিঞ্চন বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী ভৱেশ কলিতা আৰু জলসিঞ্চন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰেও ভাষণ প্রদান কৰে। অনুষ্ঠানত নলবাৰীৰ বিষয়াক অশােক শর্মা, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কার্তিককে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।